আজাৰা, 3 জুন : মহামাৰী কৰ'ণা ভাইৰাছৰ ফলত দীৰ্ঘদিনে দেশ তথা ৰাজ্যত লক্ ডাউনৰ ফলত বন্ধ হৈ আছিল বৃহৎ বৃহৎ ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগতে ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ । যাৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ী তথা পদ পথত ব্যৱসায় কৰি পৰিয়াল চলাই থকা ব্যৱসায়ী সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ।
মিৰ্জাত দৰিদ্ৰ ব্যৱসায়ীক খাদ্য বিতৰণ অসম চেম্বাৰ্চ অৱ কমাৰ্চৰ - ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান
মিৰ্জাত দুখীয়া ব্যৱসায়ীক খাদ্য সামগ্ৰী বিতৰণ কৰিলে চেম্বাৰ্চ অফ কমাৰ্চে । সভাত ক্ষুদ্ৰ ব্যৱসায়ী সকলে কেনেকৈ ভাৰত চৰকাৰে প্ৰদান কৰা ঋণৰ সুবিধা বেংকৰ পৰা ল'ব পাৰিব এই বিষয়ে ব্যৱসায়ী সকলক জনোৱা হয় ।

assam cambers of commerce
মিৰ্জাত দৰিদ্ৰ ব্যৱসায়ীক খাদ্য বিতৰণ
বুধবাৰে দক্ষিণ কামৰূপৰ কেন্দ্ৰস্থল মিৰ্জাৰ দুৰ্গা পূজা মন্দিৰ প্ৰাংগণত চেম্বাৰ্চ অৱ কমাৰ্চে মিৰ্জাৰ পদ পথৰ ব্যৱসায়ী আৰু দোকানত কাম কৰা ব্যক্তিৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী । এই অনুষ্ঠানত উপস্থিত থাকে অসম চেম্বাৰ্চ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী,সভাপতি সঞ্জীৱ নাৰায়ণ । এই সভাত ক্ষুদ্ৰ ব্যৱসায়ী সকলে কেনেকৈ ভাৰত চৰকাৰে প্ৰদান কৰা ঋণৰ সুবিধা বেংকৰ পৰা ল'ব পাৰিব এই বিষয়ে ব্যৱসায়ী সকলক জনোৱা হয় ।
লগতে পঢ়ক :দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ নৱম স্থানত সোণোৱাল