অসম

assam

ETV Bharat / state

খাদ্যত বিষক্ৰিয়া ঘটি ছয়গাঁৱত বন্যহস্তীৰ মৃত্যু - RECOVERED

লাঙামাৰা সমতলৰ বাগান এখনৰ কল গছ, আনাৰস খাইছিল হাতীটোৱে । তাৰ পিছত হাতীটোৱে পাহাৰলৈ গৈ মৃত্যুক সাবটি লয় । এই ঘটনা বন বিভাগক অৱগত কৰোৱাত ঘটনাস্থলীত বামুণীগাঁও বন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত হয় ।

বিষাক্ত খাদ্য খায় হাতীৰ কৰুণ মৃত্যু

By

Published : Jun 4, 2019, 7:37 PM IST

বকো, ৪ জুনঃ ছয়গাঁৱৰ জাংৰাভিঠা লাঙামাৰা পাহাৰত অঘটন । বিষাক্ত খাদ্য খাই বনৰীয়া হাতী এটাৰ কৰুণ মৃত্যু হোৱা বুলি সন্দেহ ৰাইজৰ ।

লাঙামাৰা সমতলৰ বাগান এখনৰ কল গছ, আনাৰস খাইছিল হাতীটোৱে । তাৰ পিছত হাতীটোৱে পাহাৰলৈ গৈ মৃত্যুক সাবটি লয় । এই ঘটনা বন বিভাগক অৱগত কৰোৱাত ঘটনাস্থলীত বামুণীগাঁও বন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত হয় । বামুণীগাঁও বন বিষয়া কুশল দাস নেতৃত্বত বন বিভাগৰ লোকে হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰে । অঞ্চলটোত স্থানীয় ৰাইজে যোৱা নিশা ১৫-২০ জনীয়া হাতীৰ জাক এটা প্ৰত্যক্ষ কৰিছিল বুলি জনাইছে ।

বিষাক্ত খাদ্য খায় হাতীৰ কৰুণ মৃত্যু

লগতে আন এটা বাতৰি- পৰিৱৰ্তন নহা এখন গাঁও!

ABOUT THE AUTHOR

...view details