অসম

assam

ETV Bharat / state

Bhabesh Kalita: সাংসদ অজিত কুমাৰ ভূঞা জেলত নোসোমোৱাৰ বাবে আশ্চৰ্য প্ৰকাশ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিল ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ তেওঁ কয় যে, অজিত কুমাৰ ভূঞা কেতিয়াবাই জেলত সোমাব লাগিছিল ৷ এতিয়ালৈকে কি কাৰণত জেলত সোমোৱা নাই তাৰ বাবে আচৰিত হোৱা বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷

Bhabesh Kalita Slams MP Ajit Kumar Bhuyan
সাংসদ অজিত কুমাৰ ভূঞাক সমালোচনা ভৱেশ কলিতাৰ

By

Published : Jul 20, 2023, 1:56 PM IST

সাংসদ অজিত কুমাৰ ভূঞাক কটাক্ষ ভৱেশ কলিতাৰ

ৰঙিয়া, 20 জুলাই:সাংসদ অজিত কুমাৰ ভূঞা জেলত নোসোমোৱাৰ বাবে আচৰিত হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ সাংসদ অজিত কুমাৰ ভূঞাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ দিয়াৰ পিছত

সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে, অজিত কুমাৰ ভূঞাৰ ওপৰত ৰঙিয়া, হাজো, পশ্চিম গুৱাহাটী, কমলপুৰৰ মানুহে গোচৰ দিব ৷ সেইটো কেচত কিয় নিমাত হৈ আছে অজিত কুমাৰ ভূঞা ! ৰঙিয়া সমষ্টিত কোটি কোটি টকা খাই লৈ গ’ল ৷ তাৰ হিচাপ ৰাইজৰ আগত দিব লাগে বুলি কয় ভৱেশ কলিতাই ৷

তেওঁ কয় যে, অজিত কুমাৰ ভূঞা কেতিয়াবাই জেলত সোমাব লাগিছিল ৷ এতিয়ালৈকে কি কাৰণত জেলত সোমোৱা নাই তাৰ বাবে আচৰিত হোৱা বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷ তেওঁ কয় যে, ৰঙিয়া সমষ্টিত দুই নম্বৰী ৰাস্তা দি, এটা চপৰা মাটি নপৰাকৈ ৰাস্তা বনাই থৈ গ’ল ৷ কত গ’ল এইবিলাক পইচা ! কোটি কোটি টকা কেনেকৈ হৰলুকী হল ! এচিএছ বিষয়া কেইজন যে গ্ৰেপ্তাৰ হল, তেওঁ সাৰি গ’ল ৷ তেওঁক কোনে দৰ্খাস্ত দিছিল ! ৰঙিয়াৰ ৰাইজে ৰাস্তা লাগে বুলি কোনেও দৰ্খাস্ত দিয়া নাছিল ৷ তেওঁ ৰাইজৰ মাজত আহি হিচাপ দিব লাগে ৷ অজিত কুমাৰ ভূঞাই দিয়া পইচা আজি 100 শতাংশই হৰলুকী হৈ গ’ল ৷ সেয়েহে তেওঁ ৰঙিয়া, কমলপুৰ, হাজো সমষ্টিৰ ৰাইজক ক্ষমা বিচাৰিব লাগে বুলিও মন্তব্য কৰে ভৱেশ কলিতাই ৷

সাংসদ অজিত কুমাৰ ভূঞাক ৰাজহুৱাভাৱে প্ৰশ্ন কৰি ভৱেশ কলিতাই কয় যে, হাজো সমষ্টিত আহি সাংসদ গৰাকীয়ে চাওক ৰঙিয়া সমষ্টিৰ ক’ত পইচা দিছিল ৷ তেওঁৰ নিচিনা এজন বিশাল মনৰ অধিকাৰী, ইমান বুদ্ধিসত্বা, ইমান জনা মানুহ থাকোতে কোটি কোটি টকা কেনেকৈ হৰলুকী হ’ল বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

লগতে পঢ়ক :Constituency delimitation: হিমন্ত বিশ্ব শৰ্মাৰ নতুন গুৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী; ভূপেন বৰা

ABOUT THE AUTHOR

...view details