অসম

assam

ETV Bharat / state

Amrit Kalash Yatra : অমৃত কলহ যাত্ৰা সন্দৰ্ভত বিৰোধীক তীব্ৰ গৰিহণা ভবেশ কলিতাৰ - তীব্ৰ গৰিহণা

অমৃত কলহ যাত্ৰাক লৈ বিৰোধীক তীব্ৰ সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ ৷ বিৰোধীয়ে একো কৰিব নোৱাৰিলে, কেৱল হাল্লা কৰোতেই গ’ল বুলি মন্তব্য কৰে নেতাজনে ৷

Bhabesh Kalita Criticizes Congress
বিৰোধীক তীব্ৰ সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতিৰ

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 9:29 PM IST

বিৰোধীক গৰিহণা ভবেশ কলিতাৰ

ৰঙিয়া, 30 ছেপ্টেম্বৰ : অমৃত কলহ যাত্ৰাক লৈ বিৰোধী দলে কৰা তীব্ৰ সমালোচনাৰ প্ৰত্যুত্তৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ ৷ বিৰোধীক সমালোচনা কৰি তেওঁ কয় যে, অমৃত কলহ যাত্ৰাত কোনেও ধন খৰচ কৰা নাই ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মানুহ ভাড়াত অনা নাই ৷ মাটিৰ কলহৰ দাম মাত্ৰ পাঁচ টকা ৷ সেইটোও তেওঁলোকে নিদিয়ে, আমি পকেটৰ পৰা দিম ৷ বিৰোধীক পইচা খুজিছোঁ নেকি আমি ৷ নে কাৰোবাৰ ওচৰত ধন সংগ্ৰহ কৰিবলৈ গৈছোঁ ৷ নে ৰাজকোষৰ ধন অপচয় কৰিছোঁ বুলি বিৰোধীক তীব্ৰ গৰিহণা দিয়ে ভবেশ কলিতাই ৷

বিৰোধীয়ে একো কৰিব নোৱাৰিলে, কেৱল হাল্লা কৰোতেই গ’ল বুলি মন্তব্য কৰে নেতাজনে ৷ তেওঁ কয় যে, স্বাধীনতাৰ ৭৫ বছৰ গ’ল, কিন্তু একো কৰিব নোৱাৰিলে ৷ ইমান দিনে কেৱল জনতাক ঠগি আহিছিল কংগ্ৰেছে ৷

লগতে বিধায়ক গৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ আজি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ লগতে যাতায়ত, অৰ্থনীতি, শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি সকলো দিশতেই আগবাঢ়িছে ৷ স্বৰাজোত্তৰ কালৰ পৰা সৰ্বাধিক সময় শাসনৰ ক্ষমতা লাভ কৰাৰ পিছতো কংগ্ৰেছ দলে দেশৰ উন্নতি কৰিবলৈ সক্ষম নহ’ল ৷ সদায় মিছা কথাৰ আশ্ৰয় লৈ আহিছে বাবে ৰাইজে দলটোক ত‍্যাগ কৰাৰ পিছত এতিয়া তেওঁলোকৰ বাবে যিকোনো বিষয়ত বিতৰ্ক কৰাটোৱেই শেষ আশ্ৰয় ৰূপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে ভবেশ কলিতাই ৷

দেশৰ কাৰণে যিসকলে আত্মবলিদান দিছে, তেওঁলোকৰ পৱিত্ৰ স্মৃতিত যেতিয়া ৰাজ্যৰ পৰা একলহ মাটি দিয়া হয় তেতিয়া গৌৰৱ কৰিব ৰাইজে যে আমাৰ এচপৰা মাটি নি সেই স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছে বুলি মন্তব্য আগবঢ়াই ভৱেশ কলিতাই ৷ ইফালে লোকসভাত কেন্দ্ৰীয় চৰকাৰে মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰাৰ বাবে লোৱা ব্যৱস্থাক আদৰণি জনায় ভৱেশ কলিতাই ৷

লগতে পঢ়ক :Amrit Kalash Yatra: ৰঙিয়াত অব্যাহত অমৃত কলহ যাত্ৰা

ABOUT THE AUTHOR

...view details