অসম

assam

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 8:03 PM IST

ETV Bharat / state

Lok Sabha Election : মিত্ৰজোঁটৰ আসনক লৈ দিল্লীয়েহে ল’ব সিদ্ধান্ত

অগপক বিজেপিয়ে কেইখন আসন দিব এতিয়ালৈকে স্পষ্ট হোৱা নাই ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এদিন যদি সেই প্ৰসংগত এটা কথা কয়, আন এদিন বেলেগ এটা কথা কয় ৷ শনিবাৰে কোৱা মতে গোটেই বিষয়টো কেন্দ্ৰীয় নেতৃত্বই বিবেচনা কৰিব ৷

Lok Sabha Election
মিত্ৰজোঁটৰ আসনক লৈ দিল্লীয়েহে ল’ব সিদ্ধান্ত

মিত্ৰজোঁটৰ আসনক লৈ দিল্লীয়েহে ল’ব সিদ্ধান্ত

ৰঙিয়া, 4 নৱেম্বৰ : ঘনে ঘনে সলনি হৈছে ভৱেশ কলিতাৰ ৰাজনৈতিক ভাষ্য ৷ দুদিন পূৰ্বে অগপ আৰু ইউ পি পি এলক একোখকৈ আসন দিয়া হ’ব বুলি মন্তব্য কৰা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এদিন পাচতেই সুৰ সলাইছিল বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া হোৱা বাবে । সেই অনুসৰিয়েই শুকুৰবাৰে নিজৰ মন্তব্য সলনি কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে অগপক জিকাই আনিব বুলি কৈছিল ।

কিন্তু 24 ঘণ্টা উকলি যোৱাৰ পাচতে আকৌ ভৱেশ কলিতাই সলনি কৰিলে নিজৰ ভাষ্য । ৰঙিয়াত শনিবাৰে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ভৱেশ কলিতাই কয় যে সমাগত লোকসভা নিৰ্বাচনক লৈ বিজেপি তথা মিত্ৰদলৰ মাজত আসনৰ ভাগ-বতৰা হোৱা নাই । মিত্ৰদলৰ সৈতে আসনৰ বুজাবুজিৰ ক্ষেত্ৰত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় নেতৃত্বই ।

বৰ্তমান এইক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ হাতত কোনো তথ্য নাই বুলি মন্তব্য কৰে ভৱেশ কলিতাই । আনহাতে বিপিএফৰ সন্দৰ্ভতো ভৱেশ কলিতাই আগবঢ়ালে তাৎপৰ্যপূৰ্ণ মন্তব্য । বিধানসভাত যিহেতু বিপিএফৰ লগত ফ্ল'ৰ মিত্ৰতা আছে সেয়েহে আগন্তুক নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ’বলৈ সমৰ্থন আগবঢ়াব বুলি ভৱেশ কলিতা আশাবাদী ।

ইফালে বদৰুদ্দিন আজমল সন্দৰ্ভত বিজেপি নেতাগৰাকীয়ে কয় যে আজমলে নিজাকৈ বা আন দলৰ সৈতে মিত্ৰজোঁটত থাকি নিৰ্বাচনত অৱতীৰ্ণ হ’ব, সেয়া আজমলৰ বিচাৰ্য বিষয় । এই বিষয়ে বিজেপিয়ে বেছি চিন্তা নকৰে । কলিতাই কয় যে কেন্দ্ৰৰ লগতে ৰাজ্যত বিজেপিৰ শাসন চলি আছে । সেই সূত্ৰে দলটোৰ আটাইতকৈ বেছি সাংসদ তথা বিধায়ক আছে । আগন্তুক সময়ত সেই মৰ্মে দলটোৱে ৰণকৌশল প্ৰস্তুত কৰিব বুলি মন্তব্য কৰে অসম বিজেপিৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক :AGP in Lok Sabha Election: অগপৰ মন ভাল লগালে ভৱেশ কলিতাই; এখন আসনত হ’লেও জিকাব অগপক

ABOUT THE AUTHOR

...view details