অসম

assam

Assam BJP president Bhabesh Kalita: দীপাংক নাথে বিজেপিত যোগদানৰ সন্দৰ্ভত হোৱা নাই আলোচনা

By

Published : Dec 14, 2022, 10:57 PM IST

দীপাংক কুমাৰ নাথে বিজেপিত যোগদানৰ সন্দৰ্ভত কোনো আলোচনা হোৱা নাই ৰাজ্যিক বিজেপিৰ সভাপতিৰ সৈতে ৷ মহাভাৰতৰ যুদ্ধত ভূপেন বৰাই শকুনি মামাৰ চৰিত্ৰ ৰূপায়ন কৰিব ৷ উপাধি চাই কংগ্ৰেছৰ দিনতহে বিষয়া বাছনি কৰা হৈছিল ৷ এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ (Assam BJP president Bhabesh Kalita)৷

Assam BJP president Bhabesh Kalita
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

ৰঙিয়া, 14 ডিচেম্বৰ: আছুৰ সদ্যবিদায়ী সভাপতি দীপাংক কুমাৰ নাথে(Former AASU president Dipanka Nath) বিজেপিত যোগদানৰ সন্দৰ্ভত কোনো আলোচনা হোৱা নাই ৰাজ্যিক বিজেপিৰ সভাপতিৰ সৈতে ৷ বুধবাৰে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৭ তম্ মৃত্যু বাৰ্ষিকী উপলক্ষে কামৰূপ গ্ৰাম্য জিলা বিজেপিৰ এক অনুষ্ঠানত উপস্থিত থাকি এই কথা জানিবলৈ দিয়ে ভৱেশ কলিতাই (Assam BJP president Bhabesh Kalita)৷

এগৰাকী বিজেপি বিধায়কে দীপাংক কুমাৰ নাথক দললৈ আদৰণি জনোৱাৰ প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, বিজেপিৰ বিধায়ক বহুত আছে ৷ কিন্তু সভাপতি কেৱল এগৰাকীহে আছে ৷ সেয়ে কোনো বিধায়কৰ লগতে দীপাংক নাথে আলোচনা কৰিব পাৰে, কিন্তু দলৰ সভাপতিৰ লগতে যোগদানৰ সম্পৰ্কত কোনো আলোচনা হোৱা নাই ৷

আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত কেইবাগৰাকীও সাংসদে টিকট লাভ নকৰাৰ সন্দৰ্ভত কৌশলপূৰ্ণ মন্তব্য আগবঢ়ায় ভৱেশ কলিতাই । তেওঁ কয় যে, নিৰ্বাচনলৈ আৰু এবছৰ বাকী আছে ৷ ৰাজনীতিত উত্থান পতন অনিবাৰ্য । বৰ্তমান আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবেহে দলে কাম কৰি আছে ৷ আনহাতে কংগ্ৰেছী বিধায়ক ৱাজিদ আলি চৌধুৰীয়ে মুছলমান সম্প্ৰদায়ৰ SP, DC সন্দৰ্ভত কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া আগবঢ়ায় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

কলিতাই কয় যে DC, SP উপাধি চাই বাছনি কৰা নহয় ৷ যোগ্যতাৰ ভিত্তিতহে কৰা হয় ৷ উপাধি চাই কংগ্ৰেছৰ দিনতহে বিষয়া বাছনি কৰা হৈছিল বুলি মন্তব্য কৰে কলিতাই ৷ বিজেপিৰ দিনত সবকা সাথ সাবকা বিকাশ বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷ আনফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই(APCC president Bhupen Borah) মহাভাৰতৰ যুদ্ধ ঘোষণা কৰা প্ৰসংগত মন্তব্য কৰি ভৱেশ কলিতাই কয় যে, মহাভাৰতৰ যুদ্ধত ভূপেন বৰাই শকুনি মামাৰ চৰিত্ৰ ৰূপায়ন কৰিব ৷

ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বীৰদত্ত ভৱনত(Haradutta Biradutta Bhawan) অনুষ্ঠিত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৭ সংখ্যক মৃত্যু বাৰ্ষিকী পালনৰ(Death anniversary of Vallabhbhai Patel)অনুষ্ঠানত উপস্থিত থাকি ভৱেশ কলিতাই কয় যে, লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেল এগৰাকী প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য ব্যক্তি আছিল ৷ কিন্তু ৰাজনৈতিক পাকচক্ৰৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী হ’ব নোৱাৰিলে ৷

লগতে পঢ়ক:Gamocha gets GI tag: দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাতে গামোচাই লাভ কৰিলে স্বীকৃতি: মন্ত্ৰী বিমল বড়া

ABOUT THE AUTHOR

...view details