অসম

assam

ETV Bharat / state

আজি মহাষ্টমী:শংখ-ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌদিশ - আজি মহাষ্টমী

আজি মহাষ্টমী উপলক্ষে ৰাজ্যৰ চৌদিশ মুখৰিত হৈ পৰে ভক্তিৰসেৰে ৷ ক'ভিড প্ৰটকলৰ মাজেৰে ৰাজ্যবাসীয়ে পালন কৰে এইবাৰৰ দুৰ্গা পূজা ৷ শংখ-ধ্বনিৰে মুখৰিত এতিয়া ৰাজ্যৰ আকাশ-বতাহ ৷

ASHTAMI puja celebration
আজি মহাষ্টমী পূজা

By

Published : Oct 24, 2020, 8:40 AM IST

নিউজ ডেস্ক, 24 অক্টোবৰ:আজি মহাষ্টমী পূজা ৷ কৰ'ণা আতংকৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে দুৰ্গা পূজা ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা সকলো নিয়ম মানি পূজা সমিতিসমূহেও আয়োজন কৰিছে পূজা ৷ শংখ-ধ্বনি, মন্ত্ৰোচ্চাৰণেৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ এতিয়া মুখৰিত হৈ পৰিছে ভক্তিৰসেৰে ৷

আজি মহাষ্টমী পূজা

উল্লেখ্য যে, মহাষ্টমী পূজা নৱৰাত্ৰিৰ অষ্টমটো দিনত কৰা হয় । এই দিনটোৰ বিশেষত্ব হ’ল- এই দিনটোত ম’হ বলি দিয়া হয় । দেৱীৰ সন্মুখত এই প্ৰথা যুগ যুগ ধৰি চলি আহিছে যদিও বৰ্তমান সময়ত এই প্ৰথা বন্ধ কৰি দিয়া হৈছে ৷

আজি মহাষ্টমী পূজা

মহাষ্টমীৰ দিনা অনুষ্ঠিত হোৱা আন এক আকৰ্ষণীয় পূজা হ’ল ‘কুমাৰী পূজা’। এই পূজাত কুমাৰী কন্যাসকলক পূজা কৰাৰ এক বিশেষ বিধান তথা নিয়ম সমাজত প্ৰচলিত হৈ আহিছে ৷

আজি মহাষ্টমী পূজা

মহাষ্টমীৰ দিনা অন্যান্য পূজাসমূহৰ পাছত পুষ্পাঞ্জলি দিয়া হয় আৰু লগতে ভোগ বিতৰণ কৰা হয় । ইয়াৰ পাচত সন্ধিয়া নৱমী পূজাৰ লগত সংগতি ৰাখি সন্ধি পূজা আৰু আৰতি কৰা হয় ।

অন্য এক খবৰৰ বাবে: মহাসপ্তমীৰ নিশা তিনিচুকীয়াত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

ABOUT THE AUTHOR

...view details