অসম

assam

ETV Bharat / state

মিৰ্জাত জৰাজীৰ্ণ পথক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ

বছৰ বছৰ ধৰি মিৰ্জা-চানডুবি সংযোগী পথচোৱা মেৰামতিৰ নকৰাৰ ফলত এতিয়া যাতায়াতৰ বাবে জলা-কলা খাবলগীয়া হৈছে ৰাইজে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন দল সংগঠনে পথ অবৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

Assam Akotrita Yuwa Satra Parishad Protest  Against Poor Road Condition At Mirja
মিৰ্জাত জৰাজীৰ্ণ পথক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ

By

Published : Aug 6, 2020, 3:49 PM IST

দক্ষিণ কামৰূপ, 6 আগষ্টঃদক্ষিণ কামৰূপৰ মিৰ্জাত পথ অৱৰোধ কৰি চৰকাৰৰ বিৰুদ্ধে সদৌ অসম যুৱ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । দীৰ্ঘদিন ধৰি মিৰ্জা-চানডুবি সংযোগী পথচোৱা মেৰামতি নকৰাৰ ফলত জৰাজীৰ্ণ অৱস্থা হোৱাত পথচাৰী সকলে যাতায়াতৰ বাবে জলা- কলা খাবলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ৷

মিৰ্জাত জৰাজীৰ্ণ পথক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ

উল্লেখ্য যে, মিৰ্জাৰ পৰা চানডুবিলৈ যোৱা পথটোত এতিয়া প্ৰকাণ্ড -প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত । পথটোৰ ওপৰত গাঁত সৃষ্টি হোৱাত নিতৌ যমৰ- যাতনা ভোগ কৰিবলগীয়া হৈছে বৃহৎৰ অঞ্চলবাসীয়ে । ইফালে নিতৌ ট্ৰাক-ডাম্পাৰ চলাচল কৰাৰ ফলতো অত্যাধিক শোচনীয় হৈ পৰিছে পথটোৰ অৱস্থা । সেয়ে বৃহস্পতিবাৰে মিৰ্জা-চানডুবি সংযোগী পথটোৰ মেৰামতিৰ দাবীত সদৌ অসম যুৱ পৰিষদৰ সদস্য সকলৰ লগতে ৰাইজ ওলাই আহি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ গ' বেক, পলাশবাৰী বিধায়ক প্ৰনৱ কলিতা মুন্দাৰ্বাদ, গড়কাপ্তানি বিভাগ মুন্দাৰ্বাদ আদি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ ইফালে প্ৰতিবাদকাৰী সকলে মিৰ্জা-চানডুবি পথ বন্ধ কৰি দিয়াৰ ফলত বহু সময় ধৰি তীব্ৰ যান-যটৰ সৃষ্টি হয় ।

তাৰোপৰি দীৰ্ঘ দিন ধৰি চৰকাৰে 'কা' বিৰুধী আন্দোলনত জড়িত থকাৰ অভিযোগত কৃষক নেতা অখিল গগৈক ইটোৰ পিছত সিটো ভুৱা গোচৰ জাপি দি কাৰাবন্দী কৰি ৰাখিছে ৷ ইফালে কৃষক নেতা অখিল গগৈক বিনাচৰ্তে চৰকাৰক মুক্তি কৰি দিবলৈ দাবী কৰে প্ৰতিবাদকাৰী সকলে ৷

যদি অখিল গগৈক অতি শীঘ্ৰে চৰকাৰ- প্ৰশাসনে মুকলি কৰি নিদিয়ে তেনেহ'লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷ আনহাতে, প্ৰতিবাদস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক আটক কৰি পলাশবাৰী আৰক্ষী থানালৈ লৈ যায় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক- বাক্সাত শ্ৰমদানেৰে নিৰ্মাণ বান্ধ!

ABOUT THE AUTHOR

...view details