অসম

assam

ETV Bharat / state

পশ্চিম গুৱাহাটী সমষ্টিৰ বঙৰা-ৰাণী পথত বৃহৎ গাঁত

নিতৌ ৰাণীৰ পৰা বঙৰালৈ অহা লোকে নিৰাপত্তাহীনতাত ভুগিছে, কাৰণ দিনে-নিশাই অবাধ গতিত চলাচল কৰা ট্ৰাক-ডাম্পাৰ সমূহে সকলো আইন ভংগ কৰি চলাই গৈছে নিজৰ ব্যৱসায় ।

By

Published : Jun 3, 2019, 12:57 PM IST

যাতায়তৰ বাবে অচল পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বঙৰা-ৰাণী পথ

কামৰূপ, 3 জুনঃ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বঙৰা-ৰাণী পথে জ্বলা-কলা খোৱাইছে বঙৰা-ৰাণীবাসীক । গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ এক গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত ৰাণীৰ পৰা বঙৰা সংযোগী গড়কাপ্টানী পথছোৱা বাৰিষা আৰম্ভ নৌহওতেই যাতায়তৰ বাবে অচল হৈ পৰাৰ ফলত জীয়াতু ভুগিছে ৰাইজে ।

যাতায়তৰ বাবে অচল পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বঙৰা-ৰাণী পথ

সম্পত্তি পথছোৱাত সৰু-ডাঙৰ পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হোৱাও পৰিলক্ষিত হৈছে । প্ৰকৃততে পথছোৱাত গাঁত আছে নে গাঁতৰ মাজতহে পথ আছে তাক চিনাৰ উপায় নোহোৱা হৈ পৰিছে। নিতৌ পথটোৰে ট্ৰাক-ডাম্পাৰ চলাচল বাবে বিধ্বস্ত হৈ পৰিছে অঞ্চলটোৰ বাট-পথ। নিতৌ ৰাণীৰ পৰা বঙৰালৈ অহা লোকে নিৰাপত্তাহীনতাত ভুগিছে কাৰণ দিনে-নিশাই অবাধ গতিত চলাচল কৰা ট্ৰাক-ডাম্পাৰ সমূহে সকলো আইন ভংগ কৰি চলাই গৈছে নিজৰ ব্যৱসায়। ৰাইজৰ প্ৰশ্ন, পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত এই পথচোৱা মেৰামতি কৰিবনে ? নে নিতৌ ডাম্পাৰৰ দৌৰাত্মত জীয়াতু ভুগি থাকিব সৰ্বসাধাৰণ ৰাইজে ?

ABOUT THE AUTHOR

...view details