শুৱালকুছি, 27 জানুৱাৰীঃ অসম সাহিত্য সভাৰ অধিৱেশনলৈ মাজত মাথো কেইটামান দিন ৷ সাজু শুৱালকুছিবাসী ! ব্ৰহ্মপুত্ৰৰ পাৰৰ সেউজ বালিচৰত দিনে নিশাই প্ৰস্তুতি তুংগত ৷ 'চিৰ চেনেহী মোৰ ভাষা জননী' গীতেৰে মুখৰিত শুৱালকুছি ৷ প্ৰতিদিনে চলিছে সমবেত সংগীতৰ আখৰা ৷ আজি সাহিত্য সভাৰ প্ৰস্তুতি সন্দৰ্ভত বুজ ল'লে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে ৷
অসম সাহিত্য সভা অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল'লে উপ সভাপতি মৃণালিনী দেৱীয়ে
অসম সাহিত্য সভাৰ অধিৱেশনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত অধিৱেশৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল'লে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে ৷
উপ সভাপতি মৃণালিনী দেৱী
ইয়াৰোপৰি ইংলেণ্ডৰ প্ৰবাসী অসমীয়া চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মাইয়ো বুজ ল'লে প্ৰস্তুতিৰ অগ্ৰগতিৰ ৷ লগতে অসমত হ'বলগীয়া কিছু গঠনমূলক কামৰ বিষয়ে তেওঁ মন্তব্য প্ৰকাশ কৰে ৷