ৰঙিয়া,9 মে’: ৰঙিয়াত অসম গৰিয়া পৰিষদে শনিবাৰে ৰঙিয়া প্ৰেছ ক্লাবত নতুন মিত্ৰজোঁট চৰকাৰক দাবী জনাই কয় যে, ছিপাঝাৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক পৰমানন্দ ৰাজবংশীক প্ৰদান কৰিব লাগে মন্ত্ৰীত্ব । কিয়নো অসমীয়া মুছলমানসকল ৰাজনৈতিক ক্ষেত্ৰখনত অতি পিছপৰি আছে ।
পৰমানন্দ ৰাজবংশীক মন্ত্ৰীত্ব প্ৰদানৰ দাবী গৰিয়া পৰিষদৰ - অসম গৰিয়া পৰিষদৰ সংবাদমেল
শনিবাৰে ৰঙিয়া প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি ছিপাঝাৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক পৰমানন্দ ৰাজবংশীক মন্ত্ৰীত্ব প্ৰদানৰ দাবী জনাই অসম গৰিয়া পৰিষদে ৷ লগতে ডঃ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পদ প্ৰদানৰো দাবী জনায় সংগঠনটোৱে ৷
![পৰমানন্দ ৰাজবংশীক মন্ত্ৰীত্ব প্ৰদানৰ দাবী গৰিয়া পৰিষদৰ asom-garia-parishad-demands](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11692646-thumbnail-3x2-g.jpg)
অসম গৰিয়া পৰিষদৰ দাবী
অসম গৰিয়া পৰিষদৰ সংবাদমেল
সংবাদমেলযোগে সংগঠনটোৱে কয় যে, এইক্ষেত্ৰত পৰমানন্দ ৰাজবংশীয়ে অসমীয়া মুছলমান সমাজখনক প্ৰতিনিধিত্ব কৰি আগুৱাই লৈ যাব পাৰিব । এই দাবী উত্থাপন কৰে অসম গৰিয়া পৰিষদৰ সভাপতি ৰহমছা আলীয়ে । লগতে ডঃ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পদ প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বক আহ্বান জনায় ।
লগতে পঢ়ক :কৰ'ণা আতংকৰ মাজতেই ৰাজ্যত ঈদৰ প্ৰস্তুতি
Last Updated : May 9, 2021, 9:18 AM IST