ছয়গাঁও, 11 জুন: আচলপাৰাত নৃত্যশিল্পীক কৰা বৰ্বৰ ব্যৱহাৰৰ উচিত ব্যৱস্থা গ্ৰহণৰ দাবীত জোৰশিমলু আৰক্ষী চকী ঘেৰাও উত্তেজিত ৰাইজৰ ৷ শীঘ্ৰে ঘটনাৰ লগত জড়িত লোকসকলক গ্ৰেপ্তাৰৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে ৷ স্থানীয় একাংশ লোকৰ দ্বাৰা ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ বহুসময় ধৰি আৰক্ষী চকী ঘেৰাও কৰি ৰখাৰ লগতে, বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে আৰক্ষী চকীৰ চৌহদ ৷
আচলপাৰা কাণ্ডৰ উচিত শাস্তিৰ দাবীত আৰক্ষী চকী ঘেৰাও ৰাইজৰ - choigaon
সোমবাৰে নিশা হঠাৎ উত্তপ্ত হৈ পৰে ছয়গাঁও সমষ্টিৰ জোৰশিমলু আৰক্ষী চকী ৷ আচলপাৰা কাণ্ডৰ প্ৰকৃত দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে আৰক্ষী চকী ঘেৰাও কৰে একাংশ উত্তেজিত ৰাইজে ৷
etv bharat
উল্লেখ্য যে, যোৱা 7 জুনৰ দিনা আচলপাৰাত ঈদৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল নৃত্য শিল্পীৰ দলটোক ৷ অনুষ্ঠানত উপস্থিত দলটোক আয়োজক সমিতিৰ লগতে একাংশ লোকে অভব্য ব্যৱহাৰ কৰি উলংগ হৈ নৃত্য প্ৰদৰ্শন কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰে ৷ এনেধৰণৰ বৰ্বৰ আচৰণৰ উচিত শাস্তি বিচাৰি সোমবাৰে জোৰশিমলু আৰক্ষী চকী ঘেৰাও কৰে স্থানীয় ৰাইজে ৷ ইয়াৰোপৰি, সাংস্কৃতিক অনুষ্ঠানৰ নিলগতে জোৰশিমলু আৰক্ষী চকী অৱস্থিত যদিও প্ৰশাসনৰ অনুপস্থিত থকাক লৈও ক্ষোভ প্ৰকাশ ৰাইজৰ ৷