ৰঙিয়া, 31 জানুৱাৰী : ৰঙিয়াৰ ছাত্ৰ প্ৰতিভাবান ছাত্ৰ চাহিল হুছেইনে এছিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷ দিয়াচলাইৰ কাঠিৰে আইফেল টাৱাৰ সজাৰ বাবে লাভ কৰে এই সন্মান । পলিটেকনিক বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্র চাহিলে 720 ডাল কাঠিৰে 2 ফুট উচ্চতাৰ পেৰিছৰ বিশ্ববিখ্যাত আইফেল টাৱাৰ সাজি উলিয়াইছিল যাৰ বাবে এই সন্মানেৰে সন্মানিত কৰে ছাত্ৰজনক ৷
এছিয়া বুক অফ ৰেকৰ্ডছ খিতাপ আজুৰি আনিলে ৰঙিয়াৰ চাহিলে - আইফেল টাৱাৰ
উদ্ভাৱনী শক্তিৰ পৰিচয় দিয়া ৰঙিয়াৰ চাহিল হুছেইনে লাভ কৰিলে এছিয়া বুক অফ ৰেকৰ্ডছ সন্মান ৷ 720 ডাল দিয়াচলাইৰ কাঠিৰে 2 ফুট উচ্চতাৰ পেৰিছৰ বিশ্ববিখ্যাত আইফেল টাৱাৰ সাজি লাভ কৰিলে এছিয়া বুক অফ ৰেকৰ্ডছ সন্মান ৷ ইয়াৰ পূৰ্বেও চাহিল হুছেইনে লাভ কৰিছিল ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ সন্মান ৷
![এছিয়া বুক অফ ৰেকৰ্ডছ খিতাপ আজুৰি আনিলে ৰঙিয়াৰ চাহিলে এছিয়া বুক অফ ৰেকৰ্ডছ আজুৰি আনিলে ৰঙিয়াৰ চাহিলেএছিয়া বুক অফ ৰেকৰ্ডছ আজুৰি আনিলে ৰঙিয়াৰ চাহিলে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10445929-thumbnail-3x2-ghj.jpg)
এছিয়া বুক অফ ৰেকৰ্ডছ আজুৰি আনিলে ৰঙিয়াৰ চাহিলে
এছিয়া বুক অফ ৰেকৰ্ডছ আজুৰি আনিলে ৰঙিয়াৰ চাহিলে
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও পেলনীয়া সামগ্ৰীৰে তাজমহল, টাইটানিক জাহাজ, ই-ৰিক্সা,বাইক আদি সাজি উলিয়াই উদ্ভাৱনী শক্তিৰ পৰিচয় দিয়া চাহিল হুছেইনে লাভ কৰিছিল ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ সন্মান । পুনৰ আটাইতকৈ সৰু আইফেল টাৱাৰ সাজি এছিয়া বুক অফ ৰেকৰ্ডছ সন্মান লাভ কৰাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে চাহিলৰ পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী ৷
লগতে পঢ়ক:ডিব্ৰুগড় জিলা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব'ৰ্ডৰ প্ৰশংসনীয় প্ৰদক্ষেপ