অসম

assam

ETV Bharat / state

ৰঙিয়াত "পথ সুৰক্ষা জীৱন ৰক্ষা"ৰ বিশেষ কাৰ্যসূচী - পৰিবহন বিভাগ

পথ দুৰ্ঘটনা ৰোধৰ বাবে ৰঙিয়াতো পালন কৰা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ । পথ দুৰ্ঘটনাৰ পৰা যাতে হাত সাৰি থাকিব পাৰি তাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেই পৰিবহন বিভাগে অনুষ্ঠিত কৰে এখন বিশেষ সভা ।

road_safty program At Rangia
ৰঙিয়াত "পথ সুৰক্ষা জীৱন ৰক্ষা"ৰ বিশেষ কাৰ্যসূচী

By

Published : Jan 24, 2021, 5:00 PM IST

ৰঙিয়া,24 জানুৱাৰী:সাম্প্ৰতিক সময়ত পথ দুৰ্ঘটনাই এক ভয়ানক ৰূপ ধাৰণ কৰিছে । প্ৰতিটো দিনতে পথ দুৰ্ঘটনাই কাঢ়ি নিছে অলেখ মানুহৰ জীৱন । এই পথ দুৰ্ঘটনা ৰোধৰ বাবেই চৰকাৰে লৈছে বিভিন্ন পদক্ষেপ । তাৰেই অংশ হিচাপে ৰঙিয়াতো পালন কৰা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ । "পথ সুৰক্ষা জীৱন ৰক্ষা" শ্ল'গানেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেই পৰিবহন বিভাগে লৈছে এই বিশেষ কাৰ্যসূচী ।

ৰঙিয়াত "পথ সুৰক্ষা জীৱন ৰক্ষা"ৰ বিশেষ কাৰ্যসূচী

ৰঙিয়াৰ IOC ত থকা টাটা মটৰ্চ ওৱৰ্কচৰ সন্মুখত কেইবাটাও বাইক ডিলাৰৰ সহযোগত আজি কামৰূপ জিলা পৰিবহণ বিভাগে অনুষ্ঠিত কৰে এখন বিশেষ সজাগতা সভা ৷ এই সজাগতা সভাত উপস্থিত থাকে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পল ৷ চালক সকলে গাড়ী চলাওঁতে ল'ব লগা সাবধানতা সন্দৰ্ভত মহকুমাধিপতি গৰাকীয়ে সুন্দৰ ভাবে উপস্থিত ৰাইজৰ সন্মুখত ভাষণ ৰাখে।

উক্ত সভাখনত জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাই বিশেষকৈ দুচকীয়া বাহন চলাওঁতে হেলমেট পিন্ধিবলৈ আৰু চাৰিচকীয়া বাহন চলাওঁতে চিটবেল্ট পিন্ধিবলৈ আহ্বান জনাই ৷ লগতে মদ্যপান কৰি যাতে কোনো লোকে কেতিয়াও গাড়ী নচলাই তাৰ বাবে ৰাইজক আহ্বান জনায়। ৰাইজৰ মাজত সজগতা সৃষ্টিৰ বাবে পথ সুৰক্ষা সন্দৰ্ভত এখন বাটৰ নাটো প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক-অমিত শ্বাহৰ আগমণৰ প্ৰাক্ ক্ষণত নলবাৰীত ৰাইজৰ দলৰ অনশন

ABOUT THE AUTHOR

...view details