ৰঙিয়াত চলন্ত বাছ এৰি পলায়ন চালকৰ - bus
ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা ৷ ৰঙিয়াৰ পৰা নাতিদুৰৈত নোনাপাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বৰপেটা অভিমুখী দ্ৰুতবেগী AS 15 AC 2026 নম্বৰৰ ৰাম কৃষ্ণ নামৰ আল্ট্ৰা বাছখনে নলবাৰী অভিমুখী বলেৰ' পিক আপ ভান এখনক খুন্দিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়৷
ৰঙিয়া 14 জুলাইঃ ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা ৷ ৰঙিয়াৰ পৰা নাতিদুৰৈত নোনাপাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বৰপেটা অভিমুখী দ্ৰুতবেগী AS 15 AC 2026 নম্বৰৰ ৰাম কৃষ্ণ নামৰ আল্ট্ৰা বাছখনে নলবাৰী অভিমুখী বলেৰ' পিক আপ ভান এখনক খুন্দিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ ঘটনাটো সংঘটিত হোৱাৰ পিচতেই বাছখনৰ চালক জনে চলন্ত বাছ খনৰ পৰা পলায়ন কৰে ৷ ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় যুৱক পুতুল আলীয়ে দৌৰি চলন্ত বাছৰ ভিতৰত জপিয়াই উঠি বাছখন নিয়ন্ত্ৰণ কৰে । দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে যাত্ৰীসকলৰ । চলান্ত বাছ এৰি চালকে পলায়ন কৰাৰ ফলত যাত্ৰীসকল আতংকিত হৈ পৰে । যাৰ বাবে একাংশ যাত্ৰীয়ে আল্ট্ৰা বাছখৰ খিৰিকী ভাঙি জপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰে, ফলত কেইবাজনো আঘাতপ্ৰাপ্ত হয় ।