বান সমস্যা সমাধানৰ দাবীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ - আমিনগাওঁ
বান, গৰা-খহনীয়া সমস্যাৰ স্থায়ী সমাধান,বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ অতি সোনকালে নিৰ্মাণ কৰাৰ দাবীত বিক্ষোভ ছাত্ৰ সন্থাৰ
কামৰূপ, 3 আগষ্টঃঅসমৰ ৰাইজৰ সমস্যাক লৈ পুনৰ সৰৱ সদৌ অসম ছাত্ৰ সন্থা ৷ অসমৰ বানপানী গৰা-খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা, বান পানীত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ অতি সোনকালে নিৰ্মাণ কৰা,কৃষক ৰাইজক বিনামূলীয়াকৈ কঠিয়া, সাৰ আৰু বীজ যোগান ধৰাৰ দাবীত শনিবাৰে কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে কামৰূপ জিলা ছাত্ৰ সন্থাই ৷ ছাত্ৰ সন্থাৰ দাবী বানপীড়িত লোকসকলৰ বাবে অতি শীঘ্ৰেই সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মথুৱাৰী পৰিদৰ্শন কৰি কামৰূপ জিলা উপায়ুক্ত আৰু গড়কাপ্তানি বিভাগক অতি সোনকালে মেৰামতিৰ কঠোৰ নিৰ্দেশ দিয়াৰ পাছতো আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷ অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী ছাত্ৰ সন্থাৰ ৷