দক্ষিণ কামৰূপ, ২ নৱেম্বৰ: চোৰাং সোণ সৰবৰাহৰ বাবে দক্ষিণ কামৰূপৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে বাৰে বাৰে বাচি লয় সৰবৰাহকাৰীয়ে। পুনৰ বৰঝাৰ বিমানবন্দৰত জব্দ হ'ল অবৈধভাৱে সৰবৰাহ কৰা ১৭ লাখ টকা মূল্যৰ সোণ। টাইজুদ্দিন নামৰ এজন লোকে সোণখিনি সৰবৰাহৰ চেষ্টা কৰিছিল।
বিস্কুট আকৃতিৰ সোণখিনি মলাশয়ত লুকুৱাই আনিছিল সৰবৰাহকাৰীটোৱে। CISFৰ নিয়মীয়া তালীচত জব্দ হয় ৩৫০গ্ৰাম সোণ। গুৱাহাটীৰ বিমানবন্দৰ পৰা SG961নম্বৰ বিমানেৰে বাংগালুৰুলৈ চোৰাংভাৱে সোণখিনি সৰবৰাহৰ পৰিকল্পনা কৰিছিল ধৃত সৰবৰাহকাৰীটোৱে।