অসম

assam

ETV Bharat / state

পশ্চিম গুৱাহাটী সমষ্টিক লৈ বিজেপিৰ ওচৰত নতুন চৰ্ত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ - বিজেপিয়ে জয়ী হোৱা

বিজেপিয়ে জয়ী হোৱা ৪০ খন আসন অসম গণ পৰিষদক এৰি দিলে পশ্চিম গুৱাহাটী সমষ্টি এৰি দিম: বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। দিলীপ শইকীয়াই পশ্চিম গুৱাহাটী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে বিজেপিৰ সন্মুখত নতুন চৰ্ত ৰাখিলে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়কগৰাকীয়ে।

পশ্চিম গুৱাহাটী সমষ্টিত আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা
পশ্চিম গুৱাহাটী সমষ্টিত আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

By

Published : Nov 20, 2020, 5:10 PM IST

দক্ষিণ কামৰূপ, ২০ নৱেম্বৰ: বিজেপিৰে মিত্ৰজোঁটৰ চৰকাৰ গঠনক লৈ আসন বুজাবুজিৰ সময়ত অসম গণ পৰিষদে ১৪ খনতকৈও অধিক আসন বিচাৰিব বুলি মন্তব্য কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। পশ্চিম গুৱাহাটী সমষ্টিত আধাৰশিলা স্থাপনৰ এক কাৰ্যসূচীত অংশ লৈ বিজেপিৰ সাংসদ দিলীপ শইকীয়া আৰু সাংসদ কুইন ওজাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সাংসদ দিলীপ শইকীয়াই অসম গণ পৰিষদৰ ৪ খন আসন বিজেপিয়ে নিজে ল'ব আৰু পশ্চিম গুৱাহাটী সমষ্টিও বিজেপিয়ে ল'ব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় যে,'বিজেপিয়ে জয়ী হোৱা ৪০ খন আসন এৰি দিলে, পশ্চিম গুৱাহাটী সমষ্টি অসম গণ পৰিষদে এৰি দিব'

পশ্চিম গুৱাহাটী সমষ্টিত আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

আন কোনো কাৰণত অগপৰ দখলত থকা পশ্চিম গুৱাহাটী সমষ্টি এৰি নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। আনহাতে, বৃহস্পতিবাৰে কুইন ওজাই পশ্চিম গুৱাহাটী সমষ্টিত অগপই মিত্ৰতাৰ ধৰ্ম পালন নকৰা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত অসমৰ ভিতৰতে সৰ্বাধিক মিত্ৰতাৰ ধৰ্ম পশ্চিম গুৱাহাটীয়ে পালন কৰিছে বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। মুঠতে বিজেপিয়ে অসম গণ পৰিষদৰে ২০২১তো মিত্ৰতা অক্ষুণ্ণ ৰাখিলেও পশ্চিম গুৱাহাটী সমষ্টি অসম গণ পৰিষদৰ দখলতে থাকিব বুলি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নিৰ্বাচনৰ পূৰ্বেই স্পষ্ট কৰি দিছে।

লগতে পঢ়ক:হোজাই জিলাতো পৰম্পৰাগত ভাৱে আয়োজন কৰা হৈছে ষট পূজা

ABOUT THE AUTHOR

...view details