অসম

assam

By

Published : Nov 20, 2020, 6:59 PM IST

ETV Bharat / state

সাংবাদিক নিগ্ৰহৰ বিৰোধিতাৰে মিৰ্জাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সাংবাদিক পৰিষদৰ

সাংবাদিক, দল-সংগঠনৰ প্ৰতিবাদৰ পিছতো গা লৰা নাই পলাশবাৰী আৰক্ষীৰ। আজিলৈ আটক নহ'ল সাংবাদিক মিলন মহন্তৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱা জুৱাৰী সঞ্জয় ঠাকুৰীয়াৰ গুণ্ডা বাহিনী। শুক্ৰবাৰে সাংবাদিক পৰিষদ,অসমৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চকত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।

মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চকত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চকত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

দক্ষিণ কামৰূপ, ২০ নৱেম্বৰ: এতিয়াও মুকলি আকাশৰ তলত দক্ষিণ কামৰূপৰ মিৰ্জাত সাংবাদিক মিলন মহন্তক তালিবানী শাস্তি প্ৰদান কৰা ভূ-মাফিয়া, জুৱাৰী সঞ্জয় ঠাকুৰীয়াৰ গুণ্ডা বাহিনী। কৰ্তব্যৰত সাংবাদিকক মিৰ্জাৰ মণিয়াৰী তিনিআলিত দিন-দুপৰতে বৈদ্যুতিক খুঁটাত বান্ধি অকথ্য নিৰ্যাতন চলোৱাৰ পিছতো আৰক্ষীয়ে আজি পৰ্যন্ত আটক নকৰিলে অভিযুক্তক। আৰক্ষীৰ এনে কাৰ্যত ক্ষোভিত হৈ পৰিছে সাংবাদিকসকল। শুক্ৰবাৰে সাংবাদিক পৰিষদ,অসমৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই প্ৰতিবাদী কাৰ্যসূচীত ছয়গাঁও প্ৰেছ ক্লাব, বৃহত্তৰ আমৰাংগা বৰিহাট নাগৰিক মঞ্চ, ৰাইজৰ দল, জাতীয় সেনা, কংগ্ৰেছ দল, ই.পি. মিডিয়া ফ'ৰাম চাউথ কামৰূপৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চকত ৰূপায়িত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত সাংবাদিক মিলন মহন্তক আক্ৰমণ কৰা ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে আৰক্ষীৰ ভূমিকাক লৈ কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে। সাংবাদিক-সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ পিছতো সাংবাদিক নিগ্ৰহৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিৰৱে থকাত ক্ষোভ প্ৰকাশ কৰিছে সাংবাদিকসকলে। নিৰাপত্তাক লৈও চিন্তিত হৈ পৰিছে।

লগতে পঢ়ক:মাতৃৰ অন্তিম সৎকাৰৰ প্ৰাকক্ষণত মৃত্যুক সাৱতিলে পুত্ৰই

ABOUT THE AUTHOR

...view details