অসম

assam

By

Published : Nov 18, 2020, 5:09 PM IST

ETV Bharat / state

সাংবাদিক নিগ্ৰহৰ বিৰোধিতাৰে মিৰ্জাত উত্তাল প্ৰতিবাদ

সাংবাদিক মিলন মহন্তক শাৰীৰিক নিৰ্যাতন চলোৱা জুৱাৰী সঞ্জয় ঠাকুৰীয়াক আৰক্ষীয়ে কৰায়ত্ত নকৰাত ক্ষুদ্ধ হৈ দক্ষিণ কামৰূপৰ মিৰ্জাত প্ৰতিবাদত নামিল সাংবাদিক,আছু আৰু স্থানীয় ৰাইজ। এই ঘটনাৰ ৩ দিনৰ পিছতো জুৱাৰী সঞ্জয় ঠাকুৰীয়াক আৰক্ষীয়ে কৰায়ত্ত কৰা নাই। আৰক্ষীৰ ভূমিকাক লৈ ক্ষোভিত সাংবাদিকসকল।

সাংবাদিক নিগ্ৰহৰ বিৰোধিতাৰে মিৰ্জাত উত্তাল প্ৰতিবাদ
সাংবাদিক নিগ্ৰহৰ বিৰোধিতাৰে মিৰ্জাত উত্তাল প্ৰতিবাদ

দক্ষিণ কামৰূপ, ১৮ নৱেম্বৰ: দক্ষিণ কামৰূপৰ মিৰ্জা মণিয়াৰী তিনিআলিত সাংবাদিক মিলন মহন্তক বৈদ্যুতিক খুঁটাত বান্ধি দিন-দুপৰতে অকথ্য নিৰ্যাতন চলোৱা ভূ-মাফিয়া তথা জুৱাৰী সঞ্জয় ঠাকুৰীয়া বাহিনীক ৩ দিন পিছতো কৰায়ত্ত কৰিবলৈ সক্ষম নহ'ল পলাশবাৰী আৰক্ষী। এই ঘটনাৰ পিছতে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত কৰি সাংবাদিক আৰু বিভিন্ন দল-সংগঠনে সাংবাদিকক নিৰাপত্তা প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে।

৩ দিন পূৰ্বে দক্ষিণ কামৰূপৰ মনীয়াৰী তিনিআলিৰ ৰাজপথতে সাংবাদিক মিলন মহন্তক জুৱাৰ বাতৰি প্ৰচাৰ কৰাৰ বাবেই বৈদ্যুতিক খুঁটাত বান্ধি মাৰ-পিট কৰে জুৱাৰী সঞ্জয় ঠাকুৰীয়া বাহিনীয়ে। কিন্তু এই ঘটনাৰ পিছতো পলাশবাৰী আৰক্ষীয়ে আজি পৰ্যন্ত এজনো অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই। ৰাজ্যৰ ভিন্ন প্ৰান্তত এই ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত হোৱাৰ পিছতো গা লৰা নাই পলাশবাৰী আৰক্ষীৰ।

বুধবাৰে আৰক্ষীৰ ভূমিকাত ক্ষুদ্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে দক্ষিণ কামৰূপৰ সাংবাদিকসকল,সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাইজে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱ,বকো প্ৰেছ ক্লাৱ,ছয়গাঁও প্ৰেছ ক্লাৱ,মালিগাঁও প্ৰেছ ক্লাৱ,বশিষ্ঠ প্ৰেছ ক্লাব,জী কে এছ প্ৰেছ ক্লাৱে। সাংবাদিক মিলন মহন্তক আক্ৰমণ কৰা ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে আৰক্ষীক তীব্ৰ সমালোচনা কৰে। ই পি মিডিয়া ফ'ৰাম চাউথ কামৰূপৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদ কাৰ্যসূচীৰ আৰম্ভণিতে ৩২ গৰাকী শ্বহীদ সাংবাদিকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।



লগতে পঢ়ক:টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মচাৰী নিৰুদ্দেশ

ABOUT THE AUTHOR

...view details