দক্ষিণ কামৰূপ, ১৫ অক্টোবৰ: দক্ষিণ কামৰূপৰ ৰামপুৰ ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এম্বুলেঞ্চ বিকল হৈ থকাক লৈ স্থানীয় ৰাইজ আৰু চিকিৎসকৰ মাজত বাকযুদ্ধ । স্বাস্থ্যকেন্দ্ৰ কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ উত্থাপনেৰে কৰ্মৰত চিকিৎসকক ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে শ শ লোকে।
উল্লেখ্য যে, বুধবাৰে নিশা বিজয়নগৰৰ বাটৰহাটৰ ৰিলায়েন্স পেট্ৰ'ল পাম্পৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত এখন স্কুটী দুৰ্ঘটনাত পতিত হৈছিল । বিপৰীত দিশৰপৰা অহা দ্ৰুতবেগী বাহনে খুন্দিওৱাত গুৰুতৰভাৱে আহত হয় স্কুটী আৰোহী প্ৰাঞ্জল দাস আৰু মনালিছা মজুমদাৰ। স্থানীয় লোকে দুয়োকে ৰামপুৰ ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায়। পিছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ নিয়াৰ পৰামৰ্শ দিয়ে। কিন্তু সেই সময়তে স্বাস্থ্যকেন্দ্ৰটোৰ এম্বুলেন্সখন বিকল হৈ থকাৰ কথা প্ৰকাশ কৰে কৰ্তৃপক্ষই। ইয়াৰ পিছতে শ শ লোকে কৰ্মৰত চিকিৎসক গৰাকীক ঘেৰাও কৰি তৰ্কত লিপ্ত হয়।