অসম

assam

ETV Bharat / state

পুনৰ অৰুণোদয় আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ ৰঙিয়াবাসীৰ

বৃহস্পতিবাৰে অৰুণোদয় আঁচনি ৰূপায়নত খেলি-মেলিৰ অভিযোগ তুলি ৰঙিয়াবাসীৰ প্ৰতিবাদ ৷ বিজেপি চৰকাৰ হায় হায়,ভৱেশ কলিতা মুৰ্দাবাদ,ভৱেশ কলিতা গ'বেক শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে গাঁওবাসীয়ে ৷

Arunodoi scheme corruption in Rangia
পুনৰ অৰুণোদয় আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ ৰঙিয়াবাসীৰ

By

Published : Oct 15, 2020, 2:09 PM IST

ৰঙিয়া,15 অক্টোবৰ: ৰঙিয়াত পুনৰ অৰুণোদয় আঁচনি ৰূপায়নত খেলি-মেলিৰ অভিযোগ ৷ বৃহস্পতিবাৰে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰে ৰঙিয়াৰ খোপনিকুছি ৷ ৰাজপথলৈ ওলাই গৈ বিজেপি চৰকাৰ হায় হায়,ভৱেশ কলিতা মুৰ্দাবাদ,ভৱেশ কলিতা গ'বেক শ্লৱগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৰঙিয়াবাসীয়ে ৷

ৰাইজৰ অভিযোগ অনুসৰি,খোপনিকুছি গাঁৱৰ বিশেষভাৱে সক্ষম ব‍্যক্তি,অবিবাহিত আৰু বিধৱা মহিলাৰ নাম এই পৰ্যন্ত অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই । গাঁওবাসীয়ে এতিয়াও আঁচনিখনৰ ফৰ্ম লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইয়াৰ পৰিৱৰ্তে বিজেপিৰ নেতা-পালিনেতাৰ অঙহী-বঙহীৰ নাম এই আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে ৷

পুনৰ অৰুণোদয় আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ ৰঙিয়াবাসীৰ

ইয়াৰোপৰি মন্ত্ৰী ভৱেশ কলিতাৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ ফৰ্মসমূহত ছীল-চহী কৰি বিজেপিৰ নেতাক বিতৰণ কৰিছিল মন্ত্ৰী ভৱেশ কলিতাই । দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি বিজেপিৰ নেতা-পালিনেতাৰ অঙহী-বঙহীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তুলি ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । অৰুণোদয় আঁচনিৰ টকা লাভ কৰাৰ পূৰ্বে এনেধৰণৰ খেলি-মেলি সংঘটিত হোৱাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:পৰকীয়া প্ৰেম: নিজ ভতিজাকৰ সৈতে পলায়ন কংগ্ৰেছ নেতাৰ পত্নীৰ

ABOUT THE AUTHOR

...view details