ৰঙিয়া,16 নৱেম্বৰ : সমগ্ৰ অসমৰ লেখীয়াকৈ ৰঙিয়াতো চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয়ত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৷ ৰঙিয়া মহকুমাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত হৰদত্ত গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে বিধৱা, অবিবাহিতা মহিলা, বিশেষভাৱে সক্ষম আৰু দুখীয়া লোকসকলক । এই অভিযোগ উত্থাপন কৰিছে বঞ্চিত হিতাধিকাৰীসকলে ৷
অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম লোক - ৰঙিয়া
ৰঙিয়াত অভিলাষী আঁচনি অৰুণোদয়ত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৷ সোমবাৰে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বিধৱা, অবিবাহিতা মহিলা, বিশেষভাৱে সক্ষম আৰু দৰিদ্ৰ লোকসকলে ৰঙিয়াৰ হৰদত্ত পঞ্চায়তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে ৷
![অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম লোক arunnodai scheme corruption in rangia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9558768-thumbnail-3x2-d.jpg)
ৰঙিয়াত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম লোক
ৰঙিয়াত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম লোক
প্ৰাপ্ত তথ্য অনুসৰি, ৰঙিয়াৰ 60 বছৰীয়া অবিবাহিতা তথা বিশেষভাৱে সক্ষম মহিলা কবিতা বড়ো, অলকা বড়ো, বিপুল দাস, বিশেষভাৱে সক্ষম দেবেন বড়ো আদিয়ে আজি পৰ্যন্ত লাভ নকৰিলে এই সুবিধা ৷ সেয়ে প্ৰাপ্যৰ পৰা বঞ্চিত এইসকল লোকে সোমবাৰে হৰদত্ত পঞ্চায়তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে । অৰুণোদয় আঁচনিৰ দুৰ্নীতি বন্ধ কৰক, স্বজন-তোষণ বন্ধ কৰক, প্ৰাপ্যজনক বঞ্চিত কৰা নচলিব আদি ধ্বনিৰে হিতাধিকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে ।
লগতে পঢ়ক :বনকৰা মহিলাই লুটিলে লক্ষাধিক টকা