ETV Bharat Assam

অসম

assam

ETV Bharat / state

Artist in Financial Crisis: আৰ্থিক সংকটত ৰঙিয়া শিল্পী গৌৰাংগ দাস - পেৰেডি গীতৰ শিল্পী গৌৰাংগ দাস এতিয়া আৰ্থিক সংকটত

ৰঙিয়া পেৰেডি গীতৰ শিল্পী গৌৰাংগ দাস এতিয়া আৰ্থিক সংকটত (Artist Gauranga Das in financial crisis)। চৰকাৰী সুবিধা লগতে শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত শিল্পীগৰাকী । আৰ্থিক দুৰৱস্থাৰ বাবে উপযুক্ত চিকিৎসাৰ পৰাও বঞ্চিত শিল্পীগৰাকী ।

Artist in financial crisis
আৰ্থিক সংকটত ৰঙিয়া শিল্পী গৌৰাংগ দাস
author img

By

Published : Dec 3, 2021, 9:57 PM IST

ৰঙিয়া,৩ ডিচেম্বৰ:কামৰূপ জিলাৰ ৰঙিয়াৰ এগৰাকী জনপ্ৰিয় শিল্পী । নাম তেওঁৰ গৌৰাংগ দাস । মুৰাৰাৰ এই শিল্পীগৰাকীৰ পেৰেডি গীতে এসময়ত বহুতকে আমোদ দিছিল । সুদীৰ্ঘ ৩০ বছৰ সময় ধৰি পেৰেডি গীত পৰিৱেশনৰ লগতে অসমৰ সাংস্কৃতি জগতৰ বাবে বিভিন্ন ধৰণৰ বৰঙণি আগবঢ়াইছে গৌৰাংগ দাসে ।

৮০ আৰু ৯০ দশকত মঞ্চত পেৰেডি গীত পৰিৱেশন কৰি দৰ্শক-শ্ৰোতাক মোহিত কৰিছিল গৌৰাংগ দাসে । কিন্তু বাৰ্ধক্যজনিত কাৰণত বিগত কেইবাবছৰ ধৰি শিল্পীগৰাকীয়ে অনুষ্ঠান পৰিৱেশন কৰিব পৰা নাই । যাৰ বাবে বৰ্তমান এই শিল্পীগৰাকী আৰ্থিক সংকটত পৰিছে (Artist Gauranga Das in financial crisis) । অভাৱ অনাটনৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে শিল্পীগৰাকীয়ে ।

আৰ্থিক সংকটত ৰঙিয়া শিল্পী গৌৰাংগ দাস

আৰ্থিক দুৰৱস্থাই জুৰুলা কৰা শিল্পীগৰাকীয়ে নিজৰ উপযুক্ত চিকিৎসা কৰিবলৈও অপাৰগ । শিল্পীগৰাকীয়ে নিজৰ আৰ্থিক দুৰৱস্থাৰ কথা জনপ্ৰতিধিসকলক অৱগত কৰি আহিছে যদিও কোনোৱে তেওঁৰ সহায়ৰ বাবে উপস্থিত হোৱা নাই । চৰকাৰক শিল্পী পেঞ্চনৰ বাবে আবেদন কৰিছে যদিও আজিলৈ তেওঁ শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে (Artist Gauranga Das deprived of artist pension) ।

আৰ্থিকভাৱে সৱল বহু শিল্পীয়ে পেঞ্চন লাভ কৰিছে যদিও আৰ্থিক সংকটত পৰা এনে শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হোৱা ঘটনাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে । কাৰ ভুলৰ বাবে ৰঙিয়া এইগৰাকী গৌৰাংগ দাসে আজিলৈ পেঞ্চন বা চৰকাৰী সহায় লাভ কৰা নাই সেয়াও চিন্তাৰ বিষয় । এই প্ৰতিবেদন দেখাৰ পাছত দুৰ্ভগীয়া শিল্পীগৰাকীৰ প্ৰতি সহানুভূতিৰ হাত আগবঢ়াব নে চৰকাৰে ? সেয়া সময়ে ক'ব ৷

লগতে পঢ়ক :কেঁচুসাৰৰ উৎপাদনেৰে স্বাৱলম্বী মানিপুৰৰ একাংশ মহিলা

ABOUT THE AUTHOR

...view details