নিউজ ডেস্ক, ১৭ জুন:ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বানে ৷ বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাত বানত বুৰ গৈছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল । ব্যাহত হৈ পৰিছে জনজীৱন । সপোনৰ ঘৰখনো এতিয়া পানীৰ তলত । আনফালে অপৰিকল্পিত নগৰ নিৰ্মাণৰ ফলত মহানগৰাকীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলা কৃত্ৰিম বানত ডুব গৈছে(Artificial floods in cities) ।
ৰঙিয়া নগৰত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত হাৰাশাস্তি ভুগিছে ৰঙিয়া নগৰৰ এন টি ৰোডৰ ৰাইজৰ লগতে পথেৰে যাতায়ত কৰা সহস্ৰাধিক লোকে(Artifical flood in Rangia) । পানীত একাকাৰ হৈছে নলা-নৰ্দমা, ঘৰ-দুৱাৰ, বাট-পথ সকলো । কাৰোবাৰ ঘৰত যদি একাঠু পানী আন কাৰোবাৰ ঘৰত আকৌ কঁকাল পৰ্যন্ত পানী ।
বিচনাৰ ওপৰত বিচনা জোৰা দি ঘৰৰ ভিতৰতে থাকিবলৈ বাধ্য হৈছে সৰ্বসাধাৰণ জনতা । ইফালে কৃত্ৰিম বানৰ ফলত বন্ধ ৰাখিব লগা হৈছে ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় । কিয়নো কাৰ্যালয়ৰ ভিতৰত একঁকাল বান । বানত ডুব গৈছে কেইবাখনো বিদ্যালয় । বন্ধ কৰি ৰাখিব লগা হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ।
ৰঙিয়া পৌৰসভাৰ পৰা নলা-নৰ্দমাসমুহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰা আৰু ভালদৰে জাৱৰ-জোথৰ চাফা নকৰাৰ ফলত এই গুৰুত্বপূৰ্ণ পথটো কৃত্ৰিম বানৰ সৃষ্ৰটি হোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে । পথটো পানীয়ে বুৰাই পেলোৱাত ৰাইজৰ মাজত সৃষ্টি হৈছে হাঁহাকাৰময় পৰিস্থিতিৰ । ৰঙিয়া নগৰৰ পৰা পানী ওলাই যাব পৰা বিজ্ঞান সন্মত নলা নথকাৰ বাবেই কৃত্ৰিম বানৰ সমস্যা দিনক দিনে বৃদ্ধি পোৱা বুলি নগৰবাসীয়ে মন্তব্য কৰিছে ।