আজাৰা,১১ জুনঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৃত্ৰিম বান । পুৱাৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণৰ ফলত বিমানবন্দৰৰ সন্মুখৰ ভাগ বুৰ যায় কৃত্ৰিম বানত । বিশেষকৈ বিমানবন্দৰৰ টেক্সি ষ্টেণ্ড,কাৰগোৰ সন্মুখভাগ,মূলপথৰ লগতে যাত্ৰীয়ে অহা যোৱা কৰা পথটো কৃত্ৰিম বানত বুৰ যোৱাৰ ফলত অসুবিধাৰ সন্মুখীন হয় যাত্ৰীসকল ৷
গুৱাহাটী বিমানবন্দৰত কৃত্ৰিম বান
এবছৰ পূৰ্বে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো নতুনকৈ নিৰ্মাণ কৰা হৈছিল । কিন্তু পানী ওলাই যোৱাৰ যি ব্যৱস্থা কৰিব লাগিছিল সেয়া বিমানবন্দৰ কৰ্তৃপক্ষই নকৰাৰ ফলত এনেদৰে এজাক বৰষুণতে পানীত বুৰ যায় বিমানবন্দৰৰ চৌহদ ।
এইবাৰ বিমানবন্দৰত কৃত্ৰিম বান
উল্লেখ্য যে এবছৰ পূৰ্বে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো নতুনকৈ নিৰ্মাণ কৰা হৈছিল । কিন্তু পানী ওলাই যোৱাৰ যি ব্যৱস্থা কৰিব লাগিছিল সেয়া বিমানবন্দৰ কৰ্তৃপক্ষই নকৰাৰ ফলত এনেদৰে এজাক বৰষুণতে পানীত বুৰ যায় বিমানবন্দৰৰ চৌহদ ।