অসম

assam

ETV Bharat / state

মে' মাহৰ ভিতৰতে দুখীয়া শিপিনীৰ পৰা বস্ত্ৰ ক্ৰয় কৰিব আৰ্টফেডে

শুৱালকুছিত আৰ্টফেডৰ পৰিচালন সঞ্চালক মুকুল ডেকাৰ সংবাদমেল। সংবাদমেলত সাংবাদিকৰ আগত মে' মাহৰ ভিতৰতে দুখীয়া শিপিনীৰ পৰা আৰ্টফেডে বস্ত্ৰ ক্ৰয় কৰিব বুলি কোৱাৰ উপৰিও কেইবাটাও মন্তব্য সদৰি কৰে ৷

ETV BHARAT
দুখীয়া শিপিনীৰ পৰা বস্ত্ৰ ক্ৰয় কৰিব আৰ্টফেডে

By

Published : May 22, 2020, 6:10 PM IST

শুৱালকুছি,22 মেঃ শুৱালকুছিত আৰ্টফেডৰ পৰিচালন সঞ্চালক মুকুল ডেকাৰ সংবাদমেল সম্বোধন । শিপিনীৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আৰ্টফেডে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা বুলি সদৰি কৰে পৰিচালন সঞ্চালক গৰাকীয়ে ।

দুখীয়া শিপিনীৰ পৰা বস্ত্ৰ ক্ৰয় কৰিব আৰ্টফেডে

উল্লেখযোগ্য যে, মে' মাহৰ ভিতৰতে শুৱালকুছিৰ দুখীয়া শিপিনীৰ পৰা বস্ত্ৰ ক্ৰয় আৰম্ভ কৰিব আৰ্টফেডে । সংবাদমেলত এই কথা ঘোষণা কৰে আৰ্টফেডৰ পৰিচালন সঞ্চালক মুকুল চন্দ্ৰ ডেকাই । বৰ্তমানলৈ আৰ্টফেডৰ সূতা ৪,১৭৪ গৰাকী শুৱালকুছিৰ শিপিনীয়ে ক্ৰয় কৰি আহিছে ২০ শতাংশ ৰেহাই মূল্যত ২ কেজিকৈ সূতা । লক ডাউনৰ সময়ছোৱাতো সূতা ভড়ালৰ পৰা ১ হাজাৰ শিপিনীয়ে সূতা ক্ৰয় কৰিছে বুলি সদৰি কৰে বিষয়া গৰাকীয়ে । তাৰোপৰি, বংশৰ গাওঁ পঞ্চায়তৰ ৮৮৪ গৰাকী হিতাধিকাৰী য়াৰ্ণ বেংক আঁচনিত অন্তৰ্ভুক্ত হ'ব বুলিও কয় সঞ্চালক গৰাকীয়ে । লগতে শুৱালকুছিৰ শিপিনী সকলৰ বাবে কম সুতৰ হাৰত ঋণৰ ব্যৱস্থা কৰিব আৰ্টফেডে বুলি আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে সঞ্চালক গৰাকীয়ে । নিঃসন্দেহে এই সমুহ আঁচনি যদি কাৰ্যকৰী হয় তেন্তে উপকৃত হ'ব শুৱালকুছিৰ সকলো শিপিনী।

লগতে পঢ়ক-দক্ষ যুৱক-যুৱতীক সংস্থাপিত কৰিবলৈ উদ্যোগ মন্ত্ৰীৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details