শুৱালকুছি, ৩০ মে' : কৰ'ণা প্ৰতিৰোধৰ বাবে দেশজুৰি চলা লকডাউনৰ সময়ছোৱাত বস্ত্ৰ নগৰী শুৱালকুছিৰ বস্ত্ৰ শিল্পৰ প্ৰতি নামি আহিছে কিছু বিপদ । এই বিপদ কিছু পৰিমাণে লাঘৱ কৰাৰ চেষ্টা কৰিছে আৰ্টফেডে । সেয়েহে শনিবাৰে বস্ত্ৰ নগৰীত উপস্থিত হৈ আৰ্টফেডৰ বিষয়া কৰ্মচাৰীৰ দল এটাই দুখীয়া শিপিনী সকলৰ ঘৰে ঘৰে গৈ বস্ত্ৰ ক্ৰয় কৰে ।
শুৱালকুছিৰ শিপিনীৰ পৰা আৰ্টফেডে ক্ৰয় কৰিলে 10 লক্ষ টকাৰ বস্ত্ৰ
লকডাউনে চাৰিওফালে জুৰুলা কৰাৰ সময়তে বস্ত্ৰ নগৰী শুৱালকুছিৰ শিপিনীসকলৰ মাজতো পৰিছিল ইয়াৰ প্ৰভাৱ । যাৰ বাবে শিপিনীসকলক কিছু পৰিমাণে সকাহ দিয়াৰ চেষ্টাৰে আৰ্টফেডে শনিবাৰে কেইবাজনো শিপিনীৰ পৰা প্ৰায় ১০ লক্ষাধিক টকাৰ বস্ত্ৰ ক্ৰয় কৰে বুলি জানিবলৈ দিয়ে ।
লক ডাউনঃ শুৱালকুছিৰ শিপিনীৰ পৰা ১০ লক্ষাধিক টকাৰ বস্ত্ৰ ক্ৰয় আৰ্ট ফেদৰ
উল্লেখ্য যে, লকডাউনৰ প্ৰভাৱত শুৱালকুছিৰ বস্ত্ৰ শিল্পৰ অৱস্থা শোচনীয় হৈ পৰাৰ উপৰিও বজাৰৰ অভাৱত ঘৰতে পৰি আছিল উৎপাদিত বস্ত্ৰ । এনে সময়ত স্থানীয় সাংবাদিকসকলৰ প্ৰচেষ্টাত আৰ্টফেডে দুখীয়া শিপিনীৰ পৰা প্ৰত্যক্ষভাৱে বস্ত্ৰ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
সেই সিদ্ধান্ত মৰ্মে শনিবাৰে কেইবাজনো শিপিনীৰ পৰা প্ৰায় ১০ লক্ষাধিক টকাৰ বস্ত্ৰ ক্ৰয় কৰে আৰ্টফেডে । অনাগত সময়তো আৰ্টফেডে এনে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি শিপিনীসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰে ।