অসম

assam

By

Published : May 17, 2021, 9:59 PM IST

ETV Bharat / state

ৰঙিয়াত চুৰি বাইক বিক্ৰী কৰিবলৈ গৈ ৰঙা ঘৰৰ আলহী হ’ল যুৱক

ৰঙিয়া আৰক্ষীয়ে ৰঙিয়াৰ কাছাৰী শৌলমাৰীৰ পৰা আটক কৰে আয়ুব আলী নামৰ এজন বাইক চোৰক ৷ আয়ুব আলী নামৰ চোৰটোক আমিনগাঁও আৰক্ষীৰ সহযোগত ৰঙিয়া আৰক্ষীয়ে হাজোৰ আইকাদিত আটক কৰিবলৈ সক্ষম হয় ৷

ৰঙিয়াত চুৰি হোৱা বাইক বিক্ৰী কৰিবলৈ গৈ ৰঙা ঘৰৰ আলহী হ’ল যুৱক
ৰঙিয়াত চুৰি হোৱা বাইক বিক্ৰী কৰিবলৈ গৈ ৰঙা ঘৰৰ আলহী হ’ল যুৱক

ৰঙিয়া,17 মে’: ৰঙিয়া আৰক্ষীয়ে ৰঙিয়াৰ কাছাৰী শৌলমাৰীৰ পৰা আটক কৰে এজন বাইক চোৰক ৷ আয়ুব আলীক নামৰ চোৰটোক আমিনগাঁও আৰক্ষীৰ সহযোগত ৰঙিয়া আৰক্ষীয়ে হাজোৰ আইকাদিত আটক কৰিবলৈ সক্ষম হয় ৷

ৰঙিয়াত চুৰি হোৱা বাইক বিক্ৰী কৰিবলৈ গৈ ৰঙা ঘৰৰ আলহী হ’ল যুৱক

প্ৰাপ্ত তথ্য অনুসৰি, বিগত 2 মে’ত ৰঙিয়াৰ কাছাৰী শৌলমাৰীৰ পৰা AS 01 DK 0136 নম্বৰৰ এখন গ্লেমাৰ বাইক চুৰি হৈছিল । চুৰি হোৱা বাইকখন ছয়গাঁৱত বিক্ৰী কৰিবলৈ লোৱা মুহূৰ্তত আৰক্ষীয়ে হাতে লোটে কৰায়ত্ব কৰে চোৰটোক ।

বৰ্তমান চোৰটো ৰঙিয়া থানাৰ আলহী ৷ বাইক চুৰি সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:চামগুৰিত চোৰাংকৈ সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ

ABOUT THE AUTHOR

...view details