নিউজ ডেস্ক, 14 নৱেম্বৰ :ৰাজ্যৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা) এ ম্যাদ বৃদ্ধি কৰিছে অস্ত্ৰ বিৰতিৰ ৷ শেহতীয়াকৈ ৰাজ্যৰ বহুকেইটা উগ্ৰপন্থী সংগঠনে আত্মসমৰ্পণ কৰিছে ৰাজ্য চৰকাৰৰ ওচৰত ৷ সম্প্ৰতি ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰৰ তৎপৰতাত অধিকাংশ আত্মসমৰ্পণকাৰী দলে শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷
শেহতীয়াকৈ পৰেশ বৰুৱা (Paresh Baruah) নেতৃত্বাধীন ULFA(I)ও শান্তি চুক্তিৰ বাবে এক প্ৰকাৰ আগ্ৰহ প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰে আলোচনা প্ৰক্ৰিয়া আগবঢ়োৱাৰ স্বাৰ্থত অলপতে ৰাজধানী নতুন দিল্লীলৈ গৈছিল খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷