অসম

assam

ETV Bharat / state

প্ৰতীক হাজেলা সম্পৰ্কত অভিজিৎ শৰ্মাৰ বিস্ফোৰক মন্তব্য - প্ৰতীক হাজেলা

প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ বদলি কৰাক লৈ অসম প্লাবিক ৱৰ্কছ(APW)ৰ অধ্যক্ষ অভিজিৎ শৰ্মাই কৰিলে বিষ্ফোৰক মন্তব্য ৷ সম্পূৰ্ণ পৰিকল্পিতভাৱে ব্যাপক দুৰ্নীতি কৰি হাজেলা পলাইছে বুলি অভিযোগ আনে শৰ্মাই । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক কটাক্ষ অভিজিৎ শৰ্মাৰ ৷

প্ৰতীক হাজেলাৰ বদলি সন্দৰ্ভত বিষ্ফোৰক মন্তব্য অভিজিৎ শৰ্মাৰ

By

Published : Oct 18, 2019, 10:32 PM IST


দক্ষিণ কামৰূপ , 18 অক্টোবৰঃবৃহস্পতিবাৰে দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈয়েই প্ৰতীক হাজেলাৰ বদলিৰ সন্দৰ্ভত বিষ্ফোৰক মন্তব্য আগবঢ়ালে অসম পাব্লিক ৱৰ্কছৰ অধ্যক্ষ অভিজিৎ শৰ্মাই ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কৃপাত ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰি প্ৰতীক হাজেলা ভূপাললৈ পলায়ন কৰিছে বুলি মন্তব্য কৰে শৰ্মাই ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক কটাক্ষ কৰি অধ্যক্ষজনে কয় যে, কাতি বিহুৰ দিনা এজন অসমীয়াই নিজৰ জাতিটোক কঙাল কৰিলে ,শাস্তি পাব লগা এজন মানুহক কৌশলেৰে ভূপাললৈ পলুৱাই পঠিয়ালে ৷ লাখ লাখ বিদেশীক NRCৰ জড়িয়তে স্বদেশী কৰা প্ৰতীক হাজেলাই তেঁওৰ নিৰাপত্তাৰ বিষয়ে কেতিয়াবা কোনোবা থানাত এজাহাৰ বা অসম চৰকাৰৰ গৃহবিভাগক অৱগত কৰিছিল নেকি বুলিও প্ৰশ্ন তোলাৰ লগতে এন আৰ চিৰ নামত 1600 কৌটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে অভিজিৎ শৰ্মাই ।

প্ৰতীক হাজেলাৰ বদলি সন্দৰ্ভত বিষ্ফোৰক মন্তব্য অভিজিৎ শৰ্মাৰ

ABOUT THE AUTHOR

...view details