ৰঙিয়া, 5 মাৰ্চ : ৰঙিয়াৰ তুলসীবাৰীত শুকুৰবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে এপ'ল মিলৰ কৰ্মচাৰী আৰু সহস্ৰাধিক ৰাইজে । প্ৰতিবাদকাৰীসকলে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ । ভি আৰ এছৰ টকা মোকলাই দিয়াৰ দাবীত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এপল’ মিল কৰ্মচাৰী সকলে ।
চৰকাৰে বাজেট অধিৱেশনত এসময়ৰ অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ এপল’ মিলৰ কৰ্মচাৰীক ভি আৰ এছ মোকলাই দিয়াৰ সিদ্ধান্ত লোৱাৰ পিছতো ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বাবে ভি আৰ এছৰ টকা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে । যাৰ বাবে মন্ত্ৰী ভৱেশ কলিতাৰ বিৰুদ্ধে এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মিল কৰ্মচাৰী তথা সহস্ৰাধিক ৰাইজে । ইফালে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিব বুলি আশংকা প্ৰকাশ কৰি প্ৰতিবাদস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীও মোতায়ন কৰা হৈছে ।