ৰঙিয়া,24 জুন:ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰা পাচৰে পৰা দুৰ্নীতি, অসামাজিক কাৰ্যকলাপ, নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আৰক্ষী, প্ৰশাসন আৰু বিভাগীয় মন্ত্ৰী সকলক নিৰ্দেশ প্ৰদান কৰিছে ৷ সেই সমূহৰ ভিতৰত ৰাজ্যৰ অন্যতম এটা গুৰুত্বপূৰ্ণ বিভাগ হ’ল শক্তি বিভাগ অৰ্থাৎ বিদ্যুৎ বিভাগ ৷ এই বিভাগটো দীৰ্ঘদিনৰ পৰা লোকচানৰ সন্মুখীন হৈ আহিছে বিভাগীয় গাফিলতিৰ ফলত ৷
সেয়েহে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাক কঠোৰ হৈ বিভাগটো পৰিচালনা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল ৷ মন্ত্ৰী বিমল বৰাইও দায়িত্বভাৰ লৈয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ লগতে বিতৰণ কেন্দ্ৰ সমূহলৈ গৈ চৰজমিন তদন্ত কৰা পৰিলক্ষিত হৈছিল ৷
মুখ্যমন্ত্ৰী আৰু বিদ্যুৎ বিভাগৰ মন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতে বিভাগটোৰ বিষয়া কৰ্মচাৰী সকল তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কামৰূপ জিলাৰ ৰঙিয়াৰ বিদ্যুৎ বিভাগো কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ বুধবাৰে ৰঙিয়াত বিদ্যুৎ চুৰি ৰোধ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে বিভাগটোক ৷ বিভিন্ন সৰু বৰু উদ্যোগৰ লগতে ঘৰে ঘৰে গৈ অবৈধভাবে কৰা বিদ্যুৎ সংযোগ সমূহ কৰ্তন কৰে ৷
ৰঙিয়াত বিদ্যুৎ চুৰি ৰোধ কৰিবলৈ বিদ্যুৎ বিভাগে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ উল্লেখযোগ্য যে, ৰঙিয়া বিদ্যুৎ উপ-সংমণ্ডলৰ অৰ্ন্তগত ২ নং উপ-সংমণ্ডল বিষয়া ভাস্কৰজ্যোতি নাথ আৰু সহকাৰী কাৰ্যবাহী বিষয়া জ্যোতিষ দাসে অভিযান চলাই অবৈধ ভাৱে বিদ্যুৎ সংযোগ কৰি অহা ৭ গৰাকী লোকক জৰিমনা বিহে ৷ মন কৰিবলীয়া যে, বুধবাৰে ৰঙিয়াৰ তুলসীবাৰী, ডিমু, উদিয়ানা, বনগাঁও, গৰিয়াকোঠৰ লগতে আন কেইবাঠাইতো বিভাগটোৱে অভিযান চলোৱা পৰিলক্ষিত হয় ।
ৰঙিয়াত বিদ্যুৎ চুৰি ৰোধ কৰিবলৈ বিদ্যুৎ বিভাগে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ অভিযান চলোৱা সময়ত কেইবাটাও অবৈধ ভাৱে থকা বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ লগতে বিল পৰিশোধ নকৰা গ্ৰাহক সমূহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰে । অভিযানকাৰী দলটোৱে জানিবলৈ দিয়া অনুসৰি, অভিযান চলোৱাৰ সময়ত তেওঁলোকে বিদ্যুৎ মিটাৰৰ বাকছৰ লগত বহুলোকে খেলিমেলি কৰা দেখিবলৈ পায় । সেইসকল লোকৰ বিৰুদ্ধেও বিভাগটোৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাই ৰঙিয়া বিদ্যুৎ বিভাগৰ ২ নং উপ সংমণ্ডলৰ বিষয়া ভাস্কৰজ্যোতি নাথে ।
বিষয়া গৰাকীয়ে উল্লেখ কৰে যে, উক্ত অঞ্চলকেইটাত বিদ্যুৎ কৰ্তন কৰা লোক সকলৰ লগতে লঘু উদ্যোগ সমূহে সৰ্ব মুঠ 3,10,280 টকা বিদ্যুৎ বিভাগক আদায় দিবলৈ বাকী আছে । সম্প্ৰতি যি সকলে বিদ্যুৎ চুৰি কৰি বিভাগটোক লোকচানৰ সন্মুখীন কৰি আহিছিল তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰাৰ কথা সদৰি কিৰিছে ৰঙিয়া বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ৷
লগতে পঢ়কঃ লক ডাউনৰ মাজতে চিৰিয়াখানাত জন্ম দুটা ঘোঙৰ পোৱালি