অসম

assam

By

Published : Mar 8, 2020, 4:47 AM IST

ETV Bharat / state

বিদ্যুত ব্যৱস্থাৰ উন্নীতকৰণৰ মাজতে চুৰি APDCLৰ সামগ্ৰী

মহানগৰীৰ সমীপৰ আজাৰা,বঙৰা,গড়চুক,পলাশবাৰী,ছয়গাও,চাংসাৰী আদিত নতুনকৈ বিদ্যুতৰ কাম চলি থকাৰ বাবে ঠায়ে ঠায়ে কন্ট্ৰাক্টৰে পেলাই থৈছিল বিদ্যুতৰ খুটি । কিন্তু সম্প্ৰতি এই খুটিৰ চুৰিয়ে বিমোৰত পেলাইছে কন্ট্ৰাক্টৰ সকলক ৷

APDCL material theft
বিদ্যুত ব্যৱস্থাৰ উন্নীতকৰণৰ মাজতে চুৰি APDCLৰ সামগ্ৰী

দক্ষিণ কামৰূপ,7 মাৰ্চঃ ৰাজ্যত বিদ্যুত ব্যৱস্থাৰ উন্নীতকৰণৰ কাম চলি থকাৰ মাজতে একাংশ দুষ্ট চক্ৰই চলাইছে কু-কৰ্ম । চুৰি হৈ আছে APDCLৰ সামগ্ৰী ৷ নতুন বৈদ্যুতিক খুটিসমূহ চুৰি কৰি নিছে একাংশ দুষ্ট চক্ৰই ৷ মহানগৰীৰ সমীপৰ আজাৰা,বঙৰা,গড়চুক,পলাশবাৰী,ছয়গাও,চাংসাৰী আদিত নতুনকৈ বিদ্যুতৰ কাম চলি থকাৰ বাবে ঠায়ে ঠায়ে কন্ট্ৰাক্টৰে পেলাই থৈছিল বিদ্যুতৰ খুটি । এই প্ৰতিটো বৈদ্যুতিক খুটিৰ মূল্য প্ৰায় ৩৫ হাজাৰ টকা ৷ কিন্তু সম্প্ৰতি এই খুটিৰ চুৰিয়ে বিমোৰত পেলাইছে কন্ট্ৰাক্টৰ সকলক ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আজাৰা আৰক্ষী থানা,বৰঝাৰ আৰক্ষী চকী,পলাশবাৰী আৰক্ষী থানা,গড়চুক আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ ৷

APDCLৰ সামগ্ৰী চুৰি

ABOUT THE AUTHOR

...view details