গুৱাহাটী, 16 মাৰ্চ : ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰথমখন পুৰ্ণাংগ বাজেট আজি দাখিল কৰা হ'ল অসম বিধানসভাৰ মজিয়াত(Assam Budget For FY 2022-23 Presented) । বিয়লি তিনি বজাৰ পৰা বিধান সভাৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে পাঠ কৰে প্ৰায় দুই ঘন্টা পোন্ধৰ মিনিট যোৰা বাজেট ভাষণ । বুধবাৰে প্ৰকাশ কৰা বাজেটত উল্লেখ কৰা হ’ল বহুকেইটি সিদ্ধান্ত ৷ এই বাজেটক লৈ ৰাজনৈতিক মহলতো বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হ'ল ৷ এইবাৰ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰে(APCC reacts on budget 2022) ৷
তেওঁ কয় যে, "সাধাৰণতে বাজেট এটা বিত্তীয় বৰ্ষৰ ওপৰত ভিত্তি কৰি কৰা হয়(APCC MLA Jakir Hussain Sikdar reacts on budget) । কিন্তু বিত্তমন্ত্রী অজন্তা নেওগে আজি বিধানসভাৰ সদনত দাখিল কৰা বাজেটখনত এটা বিত্তীয় বৰ্ষৰ কথা নাই । বাজেটখনত দীঘলীয়া কথা কোৱা হৈছে । আনকি এটা বিষয়ত চৰকাৰখনে ২০৩০ চনলৈকে লক্ষ্য কৰি লৈছে ।"