গুৱাহাটী, 23 ছেপ্তেম্বৰ : অসম চৰকাৰে ছিপাঝাৰৰ ঢলপুৰ গৰুখুটিত চলোৱা উচ্ছেদ অভিযানত আৰক্ষীয়ে গুলীচালনা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে- ক'ভিড মহামাৰীৰ এই সংকটকালত উচ্ছেদ অভিযান আমানৱীয় ৷ উচ্চতম ন্যায়ালয়ে ক'ভিড মহামাৰীৰ সময়ত উচ্ছেদ অভিযান স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল যদিও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাক অমান্য কৰিছে ৷
লগতে তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহংকাৰী আৰু একনায়কত্ববাদী মানসিকতাৰে ধলপুৰৰ বাসিন্দা সকলক উচ্ছেদ কৰিবলৈ লৈছে ৷ 1970 দশকৰ পৰা বসতি কৰি অহা ঢলপুৰৰ বাসিন্দা সকলক উচ্ছেদ কৰিবলৈ লৈছে ৷ উচ্ছেদ কৰাৰ আগতে চৰকাৰে পুনৰ সংস্থাপন আৰু বিকল্প বাসস্থানৰ ব্যৱস্থা কৰিব লাগিছিল ৷ এই এলেকাৰ বাসিন্দা সকলক 2016 ত বিজেপি শাসনলৈ অহাৰ দিনাৰ পৰা উৎপীড়ন চলাই আহিছে ৷
আনহাতে বিকল্প ভূমি আৰু বাসগৃহৰ ব্যৱস্থা নকৰিলে এই ভুক্তভোগী দুখীয়া মানুহখিনি ক'লৈ যাব আৰু কেনেকৈ তেওঁলোক জীয়াই থাকিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে ভূপেন কুমাৰ বৰাই ৷ এওঁলোকৰ বেছিভাগেই খেতিয়ক আৰু তেওঁলোকৰ জীৱিকাৰ উৎসৰ ওপৰত আক্ৰমণ হৈছে ৷