অসম

assam

ETV Bharat / state

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ প্ৰতিবাদ অব্যাহত

ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্প এলেকাত থকা পাৱাৰ গ্ৰীড ঘেৰাও কাৰ্য্যসূচী ৰূপায়ন ৷ চন্দ্ৰপুৰৰ বাঘধৰৰ পৰা তাপ বিদ্যুৎ প্ৰকল্প লৈ প্ৰতিবাদী সমদল প্ৰতিবাদকাৰীৰ ৷ তাপ বিদ্যুৎ প্ৰকল্পৰ মূলদ্বাৰত বেৰীকেড স্থাপন কৰি প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা প্ৰদান ৷

anti-dumping-ground-manch-protest-continue-at-chandrapur
চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ প্ৰতিবাদ অব্যাহত

By

Published : Aug 12, 2021, 10:46 PM IST

গুৱাহাটী,12 আগষ্ট : চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড প্ৰত্যাহাৰৰ দাবীত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চই অব্যাহত ৰাখিছে ধাৰাবাহিক প্ৰতিবাদ ৷ চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড প্ৰত্যাহাৰৰ সিদ্ধান্ত চাৰকাৰীভাৱে ঘোষণা নকৰা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চই ৷ শীঘ্ৰে চন্দ্ৰপুৰ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত বৃহস্পতিবাৰৰ দিনৰ 11 বজাত চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্প এলেকাত থকা পাৱাৰ গ্ৰীড ঘেৰাও কৰে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ সদস্য সকলে ৷

প্ৰতিবাদকাৰীসকলে পাৱাৰ গ্ৰীডৰ ভিতৰত প্ৰৱেশৰ চেষ্টা কৰে যদিও আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰে ৷ আৰক্ষী আৰু অসম ইলেকট্ৰিচিটি গ্ৰিড কৰ্পোৰেচন লিমিটেড(AEGCL)কৰ্তৃপক্ষই বৃহৎ বেৰিগেট লগাই প্ৰতিবাদকাৰীক বাধা প্ৰদানৰ চেষ্টা কৰে ৷ ইয়াৰ পিছতেই প্ৰতিবাদকাৰী সকলে চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্প চৌহদত প্ৰৱেশ কৰা গেটৰ সন্মুখত অৱস্থান কৰি দিনৰ 2 বজালৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ প্ৰতিবাদ অব্যাহত

লগতে দিনৰ 2 বজাত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চই AEGCL ৰ বিষয়াৰ জৰিয়তে অসম পাৱাৰ জেনেৰেচন কৰ্পোৰেচন লিমিটেড (APGCL) কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

উক্ত স্মাৰক পত্ৰ খনত অহা 25 আগষ্টৰ ভিতৰত APGCL কৰ্তৃপক্ষই পৌৰ নিগমক প্ৰদান কৰা 40 বিঘা ভূমি বাতিল কৰিবলৈ দাবী উত্থাপন কৰে ৷ অন্যথা ৰাইজে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব বুলিও সকীয়াই দিয়ে ৷ উল্লেখ্য যে, বিগত ডেৰ মাহৰো অধিক দিন ধৰি চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে চন্দ্ৰপুৰ বাসী ৰাইজে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃৰাজহুৱা খেলপথাৰ নিৰ্মাণৰ বাবে ওলাই আহিল দিখৌমুখৰ ৰাইজ

ABOUT THE AUTHOR

...view details