অসম

assam

ETV Bharat / state

গৃহভূমিত উপস্থিত পদব্ৰজে লাডাখ ভ্ৰমণ কৰা অঞ্জলি দাস - Khardung La

পদব্ৰজে লাডাখ যাত্ৰা সামৰি নিজৰ গৃহভূমিত উপস্থিত হ’ল পলাশবাৰীৰ বৰিহাট নিবাসী অঞ্জলি দাস । বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি শুভাকাংক্ষীৰ ৷ খোজকাঢ়ি লাডাখত উপস্থিত হৈছিল অঞ্জলি দাস ।

anjali_das_back_house
গৃহভূমিত উপস্থিত পদব্ৰজে লাডাখত উপস্থিত হোৱা অঞ্জলি দাস

By

Published : Nov 2, 2021, 6:43 PM IST

ছয়গাঁও, ২ নৱেম্বৰ : দুঃসাহসিক কাম কৰি ভাল পোৱা দক্ষিণ কামৰূপৰ এগৰাকী মহিলা । মহিলাগৰাকীয়ে মনতে পুহি ৰাখিছিল এটি সপোন । সেই সপোনৰ বাস্তৱত ৰূপ দিবলৈ ১৩ আগষ্টত পলাশবাৰীৰ বৰিহাটৰ পৰা পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছিল সুদূৰ লাডাখলৈ । ৰ’দ বতাহ বৰষুণকো নেওচি দুইমাহ 16 দিনৰ অন্তত 29 অক্টোবৰত উপস্থিত হৈছিল গৈ ভাৰতৰ সৰ্বোচ্চ স্থান খাৰডোংলাত ।

মহিলাগৰাকী কামৰূপ জিলা ছয়গাঁৱৰ অঞ্জলি দাস ৷ সৰুৰে পৰা দুঃসাহসিক ক্ৰীড়া তথা খেল ধেমালি কৰি ভাল পোৱা অঞ্জলি দাসে Mission fit India let's make India fit এই বাক্যশাৰীৰ প্ৰতি দেশবাসীক আকৰ্ষিত কৰাৰ বাবেই আৰম্ভ কৰিছিল এই যাত্ৰা । সম্ভৱতঃ উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ প্ৰথমগৰাকী মহিলা যিয়ে 2,796 কিলোমিটাৰ খোজকাঢ়ি এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

গৃহভূমিত উপস্থিত পদব্ৰজে লাডাখ ভ্ৰমণ কৰা অঞ্জলি দাস

ভাৰতৰ সৰ্বোচ্চ স্থান খাৰডোংলাৰ পৰা ঘূৰি আহি অৱশেষত মঙলবাৰে পুৱা স্ব-ভূমিত উপস্থিত হয় অঞ্জলি দাস । বৰঝাৰ বিমান বন্দৰত আত্মীয় স্বজনৰ লগতে বিভিন্ন দল সংগঠনে আদৰণি জনায় অঞ্জলি দাসক । এই পদযাত্ৰাত বিভিন্ন সময়ত ৰাজ্যৰ লগতে সমগ্ৰ দেশবাসীয়ে যি ধৰণে সহায় সহযোগিতা আগবঢ়াইছে তাৰবাবে সকলোকে ধন্যবাদ জনায় অঞ্জলি দাসে ।

লগতে পঢ়ক :শিৱসাগৰ সমষ্টিৰ খচৰা ভোটাৰ তালিকাৰ সংশোধনী প্ৰকাশ

ABOUT THE AUTHOR

...view details