অসম

assam

ETV Bharat / state

কামৰূপৰ সাতপখলীত পশু চিকিৎসা শিবিৰ - etv bharat assam

বানাক্ৰান্ত পশুসকলক চিকিৎসা প্ৰদানৰ উদ্দেশ্যে অসম পশু পালন আৰু পশু চিকিৎসা সেৱা সংস্থা কামৰূপ জিলা শাখাৰ উদ্যোগত কে ভি কে কামৰূপ জিলা পশু পালন আৰু পশু চিকিৎসা বিভাগ কামৰূপ এছ এম মাৰ্কেটিং আৰু সাতপখলী গাওঁ উন্নয়ন সমিতিৰ উদ্যোগত দক্ষিণ কামৰূপৰ ছয়গাওৰ সমীপৰ সাতপখলীত সোমবাৰে আয়োজন কৰা হয় এটি বিনামূলীয়া পশু চিকিৎসা শিবিৰ ।

পশুধনৰ বাবে চিকিৎসা শিবিৰ

By

Published : Jul 30, 2019, 7:35 PM IST

Updated : Jul 30, 2019, 8:03 PM IST

আজাৰা,30 জুলাই: ৰাজ্যত এতিয়া বানৰ সমস্যা কিছু কমিছে যদিও চাৰিওপিনে দেখা দিছে বিভিন্ন বেমাৰ আজাৰে ৷ মানুহকে ধৰি বানাক্ৰান্ত প্ৰায়বোৰ জীৱ জন্তুৰ দেহত এতিয়া পিয়াপি দি ফুৰিছে বিভিন্ন ৰোগে ৷ পশুধনক চিকিৎসা প্ৰদানৰ উদ্দেশ্যে অসম পশু পালন আৰু পশু চিকিৎসা সেৱা সংস্থা কামৰূপ জিলা শাখাৰ উদ্যোগত কে ভি কে কামৰূপ জিলা পশু পালন আৰু পশু চিকিৎসা বিভাগ কামৰূপ এছ এম মাৰ্কেটিং আৰু সাতপখলী গাওঁ উন্নয়ন সমিতিৰ উদ্যোগত দক্ষিণ কামৰূপৰ ছয়গাঁওৰ সমীপৰ সাতপখলীত সোমবাৰে আয়োজন কৰা হয় এটি বিনামূলীয়া পশু চিকিৎসা শিবিৰ। বানাক্ৰান্ত অঞ্চলত অনুষ্ঠিত কৰা এই পশু চিকিৎসা শিবিৰত প্ৰায় ৬ শতাধিক গৰু ম'হক চবকা ৰোগৰ চিকিৎসা কৰি টিকাকৰণ আৰু প্ৰতিষেধক টিকা প্ৰদান কৰাৰ লগতে অঞ্চলটোত বিভাগীয় ভাৱে বিনামূলীয়া ঔষধ ও বিতৰণ কৰে। শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডঃ অৰুণ শৰ্মাই। কিছুদিন আগতে হৈ যোৱা বানপানীয়ে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সাতপখলি গাওঁত বহু লোকৰ ঘৰবাৰীৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে বহু গৰুৰ বেমাৰ হোৱাত চিন্তিত হৈছিল অঞ্চলবাসী সেই উপলক্ষে আজি গাওঁ খনত পশু চিকিৎসা শিবিৰ পতাত আনন্দিত হৈছে অঞ্চলবাসী।

Last Updated : Jul 30, 2019, 8:03 PM IST

ABOUT THE AUTHOR

...view details