অসম

assam

By

Published : Dec 27, 2020, 8:38 AM IST

Updated : Dec 27, 2020, 9:14 AM IST

ETV Bharat / state

দশকজুৰি বন্ধ হৈ আছে ৰঙিয়াৰ এটা পশু চিকিৎসা উপকেন্দ্ৰ

বিগত বহু বছৰৰ পৰা বন্ধ হৈ আছে ৰঙিয়াৰ নকুল-চেপ্তী পশু চিকিৎসা উপকেন্দ্ৰটো ৷ ঘৰটোৰ পকীবেৰ ভাঙি যোৱাৰ লগতে দিন দুপৰতেই ঘৰটোত অসামাজিক কাম-কাজৰ থলীলৈ পৰ্যবসিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

animal treatment sub section
ৰঙিয়াৰ নকুল-চেপ্তী পশু চিকিৎসা উপকেন্দ্ৰ

ৰঙিয়া,27 ডিচেম্বৰ : এটা দশকৰ পৰা বন্ধ হৈ থকা ৰঙিয়াৰ পশু চিকিৎসা উপকেন্দ্ৰ নকুল-চেপ্তী উপকেন্দ্ৰটো এতিয়া জৰাজীৰ্ণ অৱস্থাত ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা অসম চৰকাৰৰ পশু চিকিৎসা আৰু পশুপালন বিভাগৰ অধীনস্থ এই উপকেন্দ্ৰটোত আছে মাত্ৰ দুগৰাকীকৈ কৰ্মচাৰী।

প্ৰতিমাহে চৰকাৰৰ পৰা মোটা অংকৰ দৰমহা গ্ৰহণ কৰি থকা চৰকাৰী কৰ্মচাৰী দুগৰাকীক বিপদৰ সময়ত বিচাৰি নাপায় ৰঙিয়াবাসীয়ে । প্ৰয়োজনৰ সময়ত ৰাইজে তেওঁলোকক ঘৰলৈ মতি নিবলগীয়া হয় । ঘৰলৈ গৈ চিকিৎসা কৰাৰ বিনিময়ত কৰ্মচাৰী দুগৰাকীয়ে ৰাইজৰ পৰা মাননীও সংগ্ৰহ কৰে ।

ৰঙিয়াৰ নকুল-চেপ্তী পশু চিকিৎসা উপকেন্দ্ৰ

ইয়াৰোপৰি উপকেন্দ্ৰটোৰ গৃহটো ঠায়ে ঠায়ে উৱলি গৈ একেবাৰে অনুপযুক্ত হৈ পৰিছে । ঘৰটোৰ পকীবেৰ ভাঙি যোৱাৰ উপৰিও জংঘলে আৱৰি ধৰিছে। দিন দুপৰতেই ঘৰটো অসামাজিক কাম-কাজৰ থলীলৈ পৰ্যবসিত হোৱাৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে ৷

উপকেন্দ্ৰটো উন্নীতকৰণৰ বাবে কিছুমাহ পূৰ্বে চৰকাৰে অনুদান আগবঢ়াইছিল যদিও উপকেন্দ্ৰটোৰ কোনো ধৰণৰ পৰিৱৰ্তন এতিয়ালৈ চকুত পৰা নাই । চৰকাৰী ধন এনেদৰে নষ্ট হোৱাৰ বাবে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । প্ৰায় 15 খন গাঁৱৰ ৰাইজে সেৱা গ্ৰহণ কৰা এই উপকেন্দ্ৰটো শীঘ্ৰেই মেৰামতি কৰিবলৈ জনপ্ৰতিনিধি তথা চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণৰ দাবীৰে চাবুৱাত সংবাদমেল

Last Updated : Dec 27, 2020, 9:14 AM IST

ABOUT THE AUTHOR

...view details