অসম

assam

ETV Bharat / state

দক্ষিণ বৰদলত অনাময় আঁচনি ৰূপায়নত ব‍্যাপক দুৰ্নীতি - দক্ষিণ বৰদলত অনাময় আঁচনি দুৰ্নীতি

এটা শৌচালয় নিৰ্মাণৰ নামত ৫২৫ টা ইটা, ৩ বেগ চিমেন্ট ব্যৱহাৰ কৰিব লাগে। কিন্তু তাৰ বিপৰীতে গাওঁবাসীৰ ভাষ্য অনুসৰি, ৪০০ টা ইটা আৰু 2 বেগ বা তাতোকৈ কম চিমেণ্টেৰে অতি নিম্নমানৰ কাম কৰিছে ঠিকাদাৰে ৷

স্বচ্ছ ভাৰতৰ নমুনা
স্বচ্ছ ভাৰতৰ নমুনা

By

Published : Feb 22, 2020, 12:24 PM IST

ৰঙিয়া, 22 ফেব্ৰুৱাৰীঃৰঙিয়াৰ দক্ষিণ বৰদলত স্বচ্ছ ভাৰতৰ নামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে গাওঁবাসীয়ে। অনাময় আঁচনিৰ নামত অতি নিম্ন মানদণ্ডৰে শৌচালয়সমূহ নিৰ্মাণ কৰাৰ ফলত 6 মাহৰ ভিতৰতে ভাঙি পৰিছে শৌচালয়সমূহ ৷

অনাময় আঁচনিৰ অধীনত শৌচালয় নিৰ্মাণৰ নামত ঠিকাদাৰে নীতি বহিঃভূতভাৱে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীয়ে ৷ এটা শৌচালয় নিৰ্মাণৰ নামত ৫২৫ টা ইটা, ৩ বেগ চিমেন্ট ব্যৱহাৰ কৰিব লাগে। কিন্তু তাৰ বিপৰীতে গাওঁবাসীৰ অভিযোগ অনুসৰি, ৪০০ টা ইটা আৰু 2 বেগ বা তাতোকৈ কম চিমেণ্টেৰে অতি নিম্নমানৰ কাম কৰিছে ঠিকাদাৰে ৷

দক্ষিণ বৰদলত অনাময় আঁচনি ৰূপায়নত ব‍্যাপক দুৰ্নীতি

লগতে পঢ়কঃ চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত হোৱা ‘অনুপযুক্ত ব্যক্তি’ৰ তথ্য বিচাৰিলে মুখ্য সমন্বয়কে

হিতাধিকাৰীসকলে জনস্বাহ্য কাৰিকৰী বিভাগৰ বিষয়া, অভিযন্তাৰ ওচৰত অভিযোগ দিয়াৰ পাছতো এই পৰ্যন্ত বিভাগটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলিও জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷ এতিয়া এয়াই হৈছে স্বচ্ছ ভাৰতৰ নমুনা । ৰঙিয়াত এনেদৰেই চলিছে অনাময় আঁচনিৰ কাম কাজ।

ABOUT THE AUTHOR

...view details