অসম

assam

ETV Bharat / state

গো সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে সৰৱ বিধায়ক আমিনুল ইছলাম - Himanta Biswa Sarma

"গাহৰি মাংস নোখোৱা মানুহৰ বসতি থকা অঞ্চলত নিষিদ্ধ হ'ব লাগে গাহৰি মাংস । মুছলমানে গাহৰি কিয় নাখাই তাৰ ভুল ব্যাখ্যা আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে । বিধেয়কখনৰ পৰা ক্ষতি হ'ব অসমৰ গো-পালকসকল তথা কৃষকসকলৰ । বিধেয়কখনৰ বাবে অসমত গৰুৰ বিক্ৰী হ্ৰাস পাব । অখিল গগৈয়ে মোৰ বিৰুদ্ধে গোচৰ তৰিলে ময়ো আদালতৰ কাষ চাপিম" ৷ এই মন্তব্য এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ ।

Aminul Islam reaction on cow protection bill
গো সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে সৰৱ বিধায়ক আমিনুল ইছলাম

By

Published : Aug 14, 2021, 8:01 PM IST

গুৱাহাটী, ১৪ আগষ্ট: অসম বিধানসভা(Assam Assembly)ত শুকুৰবাৰে গৃহীত হোৱা গো সুৰক্ষা বিধেয়ক(Cattle protection Bill)খনক লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে । কংগ্ৰেছ, এ আই ইউ ডি এফসহ বিৰোধী শিবিৰে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে । বিধেয়কখন সন্দৰ্ভত শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এ আই ইউ ডি এফ(AIUDF)ৰ বিধায়ক আমিনুল ইছলামে(AMINUL ISLAM) ।

ধিং সমষ্টিৰ বিধায়কজনে কয় যে, গৰু মাংস নিষিদ্ধ কৰিলে গাহৰি মাংস নোখোৱা মানুহৰ বসতি থকা অঞ্চলতো গাহৰি মাংস নিষিদ্ধ কৰিব লাগে । কোনো সম্প্ৰদায়ৰ অনুভূতিত আঘাত হানিব নালাগে । তেওঁ কয় যে, "পশুধন সুৰক্ষা বিধেয়ক গৃহীত হ'ল, বেয়া পোৱা নাই । কিন্তু মুছলমানে গাহৰি কিয় নাখাই তাৰ ভুল ব্যাখ্যা আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে । কোৰাণ, হাদিছত লিখা আছে ইয়াৰ কাৰণ"

কুৰবানী নিদিয়াৰ কাৰণে নাখায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভুল ব্যাখ্যা কৰিছে বুলিও মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে।

গো সুৰক্ষা বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি বিধায়ক ইছলামে কয়, 'বিধেয়কখনৰ পৰা অসমত কোনো মুছলমান নাইবা খ্ৰীষ্টান ধৰ্মালম্বী লোকৰ একো ক্ষতি নহয় ।বিধেয়কখনৰ পৰা ক্ষতি হ'ব অসমৰ গো-পালকসকলৰ তথা কৃষকসকলৰ । বিধেয়কখনৰ বাবে অসমত গৰুৰ বিক্ৰী হ্ৰাস পাব।’ অসমত গৰু বিলুপ্তপ্ৰায় প্ৰাণী নহয় । তেনেস্থলত, এই বিধেয়কখনৰ কি প্ৰয়োজনতা আছে বুলিও বিধায়কগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে ।

তেওঁৰ মতে, য'ত গাহৰি মাংস ভক্ষণ নকৰা লোক আছে, তাতো একে নিয়ম কৰিব লাগে । বিষ্ণুৰ অৱতাৰ গাহৰি মুছলমানসকলে ভক্ষণ নকৰে বাবে মুছলমানসকলক ধন্যবাদ দিব লাগিছিল । আনহাতে, ঋক বেদত গো-ভক্ষণ যে ৰজা-মহাৰাজাসকলেও কৰিছিল সেয়া উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে ।

বিধায়ক ইছলামে লগতে কয় যে, অসমৰ ক'ভিড পৰিস্থিতিক আওকাণ কৰি নাগপুৰকহে সন্তুষ্ট কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই । ইফালে, বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে শিৱসাগৰ বিধায়ক অখিল গগৈ(Akhil Gogoi)য়ে মানহানি গোচৰ তৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দৰ্ভত তেওঁ কয়- 'অখিল গগৈয়ে মোৰ বিৰুদ্ধে গোচৰ তৰিলে ময়ো আদালতৰ কাষ চাপিম ৷ যি লাগে সকলো তথ্য-পাতি আদালতত দাখিল কৰিম ৷ মই মোৰ স্থিতিত অটল আছো ।’

লগতে পঢ়ক:এইবাৰ আমিনুল ইছলামৰ বিৰুদ্ধে কি অভিযোগ আনিলে ৰাইজৰ দলে

ABOUT THE AUTHOR

...view details