অসম

assam

ETV Bharat / state

জালুকবাৰীৰ কেইবাটাও কেন্দ্ৰত ইভিএমৰ বিসংগতি - ইভিএম বিসংগতি

তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত জালুকবাৰী সমষ্টিত কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিসংগতি । এই বিসংগতিৰ বাবে ২-৩ ঘণ্টা পলমকৈ আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া । সমষ্টিটোত ভাগ্য নিৰ্ণয় হ'ব মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুঠ ৫ গৰাকী প্ৰাৰ্থীৰ ।

জালুকবাৰী সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত
জালুকবাৰী সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত

By

Published : Apr 6, 2021, 2:54 PM IST

বাইহাটা,৬ এপ্ৰিল: মঙলবাৰে বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ৭৯,১৯,৬৪১ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ৷ ৰাজ্যৰ ১২ খন জিলাৰ ৪০ টা সমষ্টিত অনুষ্ঠিত হৈছে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ জালুকবাৰী সমষ্টিতো পুৱাৰে পৰা অব্যাহত আছে ভোটদান প্ৰক্ৰিয়া । সমষ্টিটোত চাৰি লাখ চাৰি হাজাৰ চাৰিশ চৈধ্য গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব জালুকবাৰীৰ ৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ।

গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ জালুকবাৰী সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰিলক্ষিত হৈছে ভোটাৰৰ দীঘলীয়া শাৰী । তৃতীয় পৰ্যায়ত সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছৰ প্ৰাৰ্থী ৰমেন বৰঠাকুৰ, ৰাইজৰ দলৰ প্ৰাৰ্থী হেমন্ত সুত, নিৰ্দলীয় প্ৰাৰ্থী নৱ নাথ আৰু মইনুল হককে ধৰি ৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব ।

উল্লেখ্য যে, মঙলবাৰে পুৱাৰ ভাগত কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতি হোৱা বাবে ২-৩ ঘণ্টা পলমকৈ আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া । ভোটদান কৰিবলৈ আহি ৰৈ থাকিবলগীয়া হয় ভোটাৰসকল । ফলত পৰিস্থিতিৰ কিছু অৱনতি ঘটিছিল যদিও পিছলৈ শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া অব্য়াহত থাকে ।

লগতে পঢ়ক: বঙাইগাঁৱৰ ভোটকেন্দ্ৰত প্ৰচণ্ড মাৰপিট

ABOUT THE AUTHOR

...view details