কামৰূপ, 26 জুনঃ শ্বহীদ সুনীল কলিতা আৰু তেওঁৰ পত্নীক ছ'চিয়েল মিডিয়াত অশালীন মন্তব্য কৰি আৰক্ষীৰ জালত পৰিল কাশ্মীৰি যুৱক । চাহিল আব্বাচ সন্দৰ্ভত কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্তৰ সংবাদমেল । চাহিল আব্বাচৰ প্ৰকৃত নাম মহম্মদ আব্বাচ ভাট । ফেচবুকত চাহিল আব্বাচ নামেৰে বীৰ শ্বহীদ জোৱান সুনীল কলিতা সন্দৰ্ভত অশালীন মন্তব্য কৰিছিল আব্বাচ ভাটে । অসম আৰক্ষীৰ হৈ কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃনাল কুমাৰ দাসে কাশ্মীৰত প্ৰদৰ্শন কৰিছিল বিৰল সাহসিকতা । কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ সাহসিকতাত প্ৰশংসাৰে উপচাই পেলালে আৰক্ষী অধীক্ষক গৰাকীয়ে ।
কেনেকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অসমলৈ আনিলে চাহিল আব্বাচক ?
শ্বহীদ সুনীল কলিতাৰ লগতে তেওঁৰ পত্নীক ফেচবুকত অশ্লীল মন্তব্য কৰা চাহিল আব্বাচ সন্দৰ্ভত কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ সংবাদ মেল
কাশ্মীৰৰ কুলগাম জিলাৰ ধামাল হাজিপাৰা আৰক্ষী থানাৰ অন্তৰ্গত চোটামহল্লা নামৰ অতি দুৰ্গম অঞ্চলটোৰ পৰা আৰক্ষীয়ে আটক কৰে দুৰ্বৃত্ত আব্বাচক । আটক কৰাৰ সময়ত কাশ্মীৰৰ স্থানীয় লোক সকলে যথেষ্ট অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ঘটনাস্থলীত । মহম্মদ আব্বাচ ভাটক আটক কৰি ধামাল হাজিপৰা আৰক্ষী থানালৈ অনাৰ পথত হাজাৰ অধিক লোকে বাৰাম্বাৰ বাধা প্ৰদান কৰিছিল অসম আৰক্ষীৰ তিনিজনীয়া দলটোক । কাশ্মীৰ আৰক্ষীয়ে কোনো ধৰণৰ সহায় সহযোগ কৰা নাছিল অসম আৰক্ষীৰ তিনিজনীয়া দলটোক । চি আৰ পি এফ আৰু সেনাৰ সহযোগতহে মহম্মদ আব্বাচ ভাটক অসমলৈ অনা সম্ভৱ হৈছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্তই । সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযুক্ত মহম্মদ আব্বাচ ভাটৰ মতামত প্ৰকাশৰ পৰা বিৰত থাকিল আৰক্ষী অধীক্ষক গৰাকী ।
লগতে পঢ়কঃ ৰঙিয়া মডেল হাস্পতালত স্বাস্থ্য পৰীক্ষা ছাহিল আব্বাছৰ