বাইহাটা,১৮ মাৰ্চ: ডকাইতৰ কবলত পৰি পুনৰ সাঁচতীয়া ধন হেৰুৱালে ষ্টেট বেংকৰ আমিনগাঁও শাখাৰ এগৰাকী গ্ৰাহকে । বৃহস্পতিবাৰে ষ্টেট বেংকৰ আমিনগাঁও শাখাৰ সমীপত এই ঘটনা সংঘটিত হয় । এফালে, নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা, আনফালে দিনতে ডকাইতৰ ত্ৰাস ।
বৃহস্পতিবাৰে ষ্টেট বেংকৰ শাখাটোৰ পৰা নগদ ২ লাখ টকা উলিয়াই ঘৰমুৱা হৈছিল কমলেশ্বৰ দাস নামৰ লোকজন । ব্যক্তিজনৰ পত্নীৰ হাতত আছিল টকাৰ বেগটো । পতি-পত্নী বেংকৰ পৰা ওলোৱাৰ পিছতে তেওঁলোকক বাইকেৰে অহা যুৱক দুজনে অনুসৰণ কৰে । প্ৰথমে এজন যুৱকে চেকপোষ্টৰ ওচৰতে কমলেশ্বৰ দাসৰ পত্নীৰ হাতৰ পৰা টকা থকা বেগটো কাঢ়ি নিয়ে ।