অসম

assam

ETV Bharat / state

CLARITY ব্ৰেণ্ডৰ পানীৰ বটলত শেলুৱৈ - বিশুদ্ধ খেৱাপানীৰ নামত বৰবিহ

এটুপি বিশুদ্ধ পানীৰ নামত CLARITY নামৰ প্ৰতিষ্ঠানটোৱে গ্ৰাহকক খুৱাইছে বৰবিহ ৷ বিশুদ্ধ খোৱা পানীৰ বটলত সৃষ্টি হৈছে বেক্টেৰিয়া শেলাই ৷

বিশুদ্ধ খেৱাপানীৰ নামত বৰবিহ

By

Published : Aug 27, 2019, 1:35 PM IST

Updated : Aug 27, 2019, 2:03 PM IST

গুৱাহাটী, 27 আগষ্টঃবিশুদ্ধ খোৱাপানীৰ বটল ক্ৰয় কৰোঁতে সাৱধান। বিশুদ্ধ পানীৰ নামত বজাৰত বিক্ৰী হৈ আছে বৰবিহ। ৰাজ্যত বিশুদ্ধ খোৱাপানী যোগানৰ নামত দোকানসমূহত একাংশ কোম্পানীয়ে যোগান ধৰিছে বৰবিহ | খাদ্য অসামৰিক যোগান বিভাগৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অকৰ্মণ্যতাৰ বাবে ৰাজ্যত পানী প্ৰস্তুত কৰা কোম্পানীয়ে এনেদৰে বৰবিহ খুৱাইছে জনসাধাৰণক।

বিশুদ্ধ খেৱাপানীৰ নামত বৰবিহ

এটুপি বিশুদ্ধ পানীৰ নামত CLARITY নামৰ প্ৰতিষ্ঠানটোৱে গ্ৰাহকক খুৱাইছে বৰবিহ ৷ পানীৰ নামত বিষাক্ত বিজাণুযুক্ত খোৱাপানী বিক্ৰীকৰি আহিছে CLARITY পানী নামৰ কোম্পানীটোৱে ৷ বিজ্ঞান সন্মতভাৱে প্ৰস্তুত কৰা এই বিশুদ্ধ খোৱা পানীৰ বটলত সৃষ্টি হৈছে বেক্টেৰিয়া শেলুৱৈ ৷ উৎকট গৰমত আমিনাগাঁৱত এগৰাকী গ্ৰাহকে পানী ক্ৰয় কৰোতেই পোহৰলৈ এই ভয়ংকৰ ঘটনা ৷পানী কোম্পানী সমূহে কোনোধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈয়ে বজাৰত মেলি দিয়ে বিশুদ্ধ খোৱাপানীআৰু বিশুদ্ধ বুলি সেৱন কৰা এই পানীৰ ফলতেই বিভিন্ন ৰোগত ইতিমধ্যে আক্ৰান্ত হৈছে বহুজন ৷ খাদ্য সুৰক্ষা বিভাগে পানীৰ নামত বৰবিহ বিক্ৰী কৰা এই সমূহ পানী কোম্পানীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণনকৰাৰ ফলতেই সংঘটিত হৈ আহিছে এই ঘটনা ৷ এইক্ষেত্ৰত CLARITY পানী কোম্পানীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণকৰে সেয়াহে হ’ব লক্ষণীয় ৷

Last Updated : Aug 27, 2019, 2:03 PM IST

ABOUT THE AUTHOR

...view details