আমিনগাঁও, 19 আগষ্টঃ বিয়া নামৰ মিঠা সুৰ আৰু উৰুলিত আত্মবিভোৰ হ'ল সাংসদ দিলীপ শইকীয়া ৷ ৰাজনীতিৰ কথা পাহৰি মহিলাৰ সৈতে একেলগে বিয়া নামত সহযোগ কৰিলে সাংসদ দিলীপ শইকীয়াই ।
মঙলদৈৰ সাংসদৰ মুখত বিয়ানাম আৰু উৰুলি ! - বিয়ানাম
মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ মুখত বিয়ানাম আৰু উৰুলি । মহিলাৰ বিয়ানাম আৰু উৰুলিয়ে নষ্টালজিক হৈ পৰিল নৱনিযুক্ত সাংসদগৰাকী ।
আমিনগাঁৱত হঠাৎ মঙলদৈৰ সাংসদৰ মুখত বিয়ানাম আৰু উৰুলি !
বিয়া নাম আৰু উৰুলিৰে জীপাল হৈ পৰিল আমিনগাঁৱৰ যুৱ বিকাশ কেন্দ্ৰৰ বাকৰি ৷ নলবাৰীৰ পশ্চিম বড়িগোগ বীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৯ চনতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সহপাঠীৰ সৈতে অনুষ্ঠিত হোৱা মহামিলনৰ অনুষ্ঠানত সহযোগ কৰিলে সাংসদগৰাকীয়ে । ৩০ বছৰৰ পিছত অনুষ্ঠিত হোৱা এই মহামিলনে নষ্টালজিক কৰিলে সকলোকে । প্ৰাক্তন সহপাঠীৰ সৈতে অনুষ্ঠানত অংশ লয় মঙলদৈৰ নৱনিযুক্ত সাংসদ দিলীপ শইকীয়াই ।