অসম

assam

ETV Bharat / state

আলু-পিয়াজৰ অস্বাভাৱিক মূল্যবৃদ্ধি : তৎপৰ কামৰূপ জিলা প্ৰশাসন - onion potato price hike

সুলভ মূল্যৰ ব্যৱসায়ীৰে কামৰূপ জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক ৷

আলু-পিয়াজৰ অস্বাভাৱিক মূল্যবৃদ্ধি : তৎপৰ কামৰূপ জিলা প্ৰশাসন

By

Published : Sep 26, 2019, 9:22 PM IST

গুৱাহাটী, 26 ছেপ্তেম্বৰ: ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে আলু-পিয়াজৰ মূল্য ৷ যাৰ ফলত এতিয়া ব্যাপক দুৰ্ভোগ ভুগিছে ৰাজ্যবাসীয়ে ৷ এই বৰ্দ্ধিত আলু পিয়াজ আকাশলম্ভী মূল্যবৃদ্ধি ৰোধ কৰিবলৈ এতিয়া তৎপৰ হৈ উঠিছে কামৰূপ জিলা প্ৰশাসন ৷ বৃহস্পতিবাৰে আলু পিয়াজৰ খুচুৰা ব্যৱসায়ীৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য য'ত মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লোৱা হয় কেতবোৰ অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ কামৰূপ জিলাৰ খুচুৰা ব্যৱসায়ীক প্ৰতি কিলো পিয়াজত 50ৰ পৰা 54 আৰু প্ৰতি কিলো আলুত 12ৰ পৰা 13 টকাত বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্ত বৈশ্যই ৷

ইফালে যোগান বিভাগ আৰু দণ্ডাধীশকো জিলাখনৰ বজাৰ পৰিদৰ্শনৰ বাবে আদেশ দিয়ে উপায়ুক্ত গৰাকীয়ে লগতো অসাধু ব্যৱসায়ীয়ে যাতে পৰিস্থিতিৰ সুযোগলৈ মূল্যবৃদ্ধি কৰি অধিক মুনাফা খাব নোৱাৰে তাৰ প্ৰতিও চোকা দৃষ্টি ৰাখিবলৈ যোগান বিভাগক নিৰ্দেশ দিয়ে উপায়ুক্ত কমল কুমাৰ বৈশ্যয়ে ৷

আলু-পিয়াজৰ অস্বাভাৱিক মূল্যবৃদ্ধি : তৎপৰ কামৰূপ জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details