আমিনগাঁৱ,18 মাৰ্চঃ কামৰূপ জিলাৰ আমিনগাঁৱৰ ৰপ্তানিমুখী ঔদ্যোগিক পামৰ অন্তৰ্গত একাংশ ব্যক্তিগত প্ৰতিষ্ঠানে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে চলাইছে ব্যাপক তৎপৰতা । প্ৰতিষ্ঠানত কৰ্মৰত প্ৰতিজন কৰ্মচাৰীৰ স্বাস্থ্য পৰীক্ষাৰ পাছতহে কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে ।
আমিনগাঁৱৰ উদ্যোগিক পামৰ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে ব্যাপক তৎপৰতা - কৰ’ণা ভাইৰাছ
কৰ’ণা ভাইৰাছৰ আতংকত সতৰ্ক ৰাজ্যবাসী । বিশ্বজুৰি প্ৰায় ৬০০০কৈ অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া ভাইৰাছবিধৰ বিৰুদ্ধে ৰাজ্যৰ সকলো স্থানত গ্ৰহণ কৰা হৈছে ব্যাপক সতৰ্কতা ।
![আমিনগাঁৱৰ উদ্যোগিক পামৰ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে ব্যাপক তৎপৰতা COVID 19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6451106-thumbnail-3x2-a.jpg)
কৰ’ণা আতংক
আমিনগাঁৱৰ উদ্যোগিক পামৰ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে ব্যাপক তৎপৰতা
ইয়াৰোপৰি,কৰ্মচাৰীসকলে কাৰ্যালয়ৰ বাহিৰত ভালদৰে পৰিষ্কাৰ কৰিহে প্ৰৱেশ কৰিব পাৰিব বুলি নিয়ম বান্ধি দিছে কৰ্তৃপক্ষই । লগতে সকলো কৰ্মচাৰীক দিয়া হৈছে একোখন মাস্কৰ লগতে এটাকৈ টুপি । প্ৰতিদিনে সকলো কৰ্মচাৰীৰ লগতে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা অন্য লোকক কিদৰে ৰক্ষা কৰিব পাৰি এই সম্পৰ্কে সজাগতা সৃষ্টি কৰা বুলি জানিবলৈ দিয়ে প্ৰতিষ্ঠানৰ বিষয়া অনুপম বৰদলৈয়ে ।
Last Updated : Mar 18, 2020, 1:29 PM IST