আমিনগাঁও, 11 অক্টোবৰঃ দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত নজিৰ বিহীন ঘটনা । কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগেৰে সঞ্চালক টি জি চিঠাৰামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আই আই টিৰ ছাত্ৰই। জানিব পৰা মতে, আই আই টি গুৱাহাটীৰ বিত্তীয় খেলিমেলি সন্দৰ্ভত আমিনগাওঁ আৰক্ষী চকীত গোচৰ ৰুজু কৰে প্ৰতিষ্ঠানখনৰ ইলেক্ট্ৰনিক এণ্ড ইলেক্ট্ৰিকেল বিভাগৰ PHDৰ ছাত্ৰ বিকৰান সিঙে । আমিনগাওঁ আৰক্ষী চকীৰ 135/19 নম্বৰ ভাৰতীয় দণ্ডবিধি আইনৰ 409/34 IPC ধাৰাত ৰুজু হৈছে গোচৰ ।
আই আই টি গুৱাহাটীৰ সঞ্চালকৰ বিৰুদ্ধে ছাত্ৰৰ গোচৰ ৰুজু - STUDENT CASE FILE AGAINST DIRECTOR
আই আই টি গুৱাহাটীৰ বিত্তীয় খেলিমেলি সন্দৰ্ভত আমিনগাওঁ আৰক্ষী চকীত গোচৰ ৰুজু কৰে প্ৰতিষ্ঠানখনৰ ইলেক্ট্ৰনিক এণ্ড ইলেক্ট্ৰিকেল বিভাগৰ PHDৰ ছাত্ৰ বিকৰান সিঙে ।
আই আই টি গুৱাহাটীৰ সঞ্চালকৰ বিৰুদ্ধে ছাত্ৰৰ গোচৰ ৰুজু
উল্লেখ্য যে, বিগত 4 মাহ মানৰ পূৰ্বে আই আই টি গুৱাহাটীৰ সঞ্চালক হিচাপে যোগদান কৰিছিল টি জি চিঠাৰামে । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য ।